ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ অসহায় বৃদ্ধাক সহায়ৰ বাবে আগবঢ়িল ভিন্নজন - হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাং

হোজাইৰ এগৰাকী দৃষ্টিহীন বৃদ্ধাৰ জীৱন সংগ্ৰামৰ কথাৰে 12 মে',2020 ত ইটিভি ভাৰত অসমে প্ৰকাশ কৰিছিলো এক বিস্তৃত প্ৰতিবেদন । মঙলবাৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ আবেদনৰ ভিত্তিত আজি পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ আৰু আজমল ফাউণ্ডেচনৰ এটা সজাতি দল উক্ত অন্ধ অসহায় বৃদ্ধ মহিলাগৰাকীৰ বাসগৃহত উপস্থিত হয় ।

অসহায় বৃদ্ধাক সহায়ৰ বাবে আগবঢ়িল ভিন্নজন

author img

By

Published : Jun 30, 2020, 4:51 PM IST

Updated : Jun 30, 2020, 7:08 PM IST

হোজাই, 30 জুনঃ হোজাইৰ এগৰাকী দৃষ্টিহীন বৃদ্ধাৰ জীৱন সংগ্ৰামৰ কথাৰে 12 মে',2020 ত ইটিভি ভাৰত অসমে প্ৰকাশ কৰিছিলো এক বিস্তৃত প্ৰতিবেদন । উক্ত বাতৰি আন বহু জনৰ লগতে দৃষ্টিগোচৰ হৈছিল আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাঙৰো । তাৰ পাচতেই প্ৰনিতা মৰাঙে আজমল ফাউণ্ডেচনক সহায়ৰ বাবে আৱেদন কৰে আৰু আৰু তাৰ ভিত্তিত আজমল ফাউণ্ডেচন আগবাঢ়ি আহিছে ।

উল্লেখ্য যে, বৃদ্ধা গৰাকীয়ে চকুৰে মনিব নোৱাৰে । অসহায় বৃদ্ধা গৰাকী ৰে'ল ষ্টেচনত দাতি কাষতে থাকে । তেওঁৰ নাম মধুবালা দেবী । বিগত ৪০ বছৰৰ পৰা অকলশৰীয়াকৈ থকা বৃদ্ধা মহিলা গৰাকীৰ কাষত নাছিল কোনো লোক ।

অসহায় বৃদ্ধাক সহায়ৰ বাবে আগবঢ়িল ভিন্নজন

মঙলবাৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ আবেদনৰ ভিত্তিত আজি পেনেল অধিভক্তা ৰোহিনা ৱাৰিছ আৰু আজমল ফাউণ্ডেচনৰ এটা সজাতি দল উক্ত অন্ধ অসহায় বৃদ্ধ মহিলাগৰাকীৰ বাসগৃহত উপস্থিত হৈ পাঁচ হাজাৰ টকাৰ আৰ্থিক সাহায্যৰ লগতে এমাহ খাব পৰাকৈ খাদ্য সামগ্ৰী প্ৰদান কৰে ৷

Last Updated : Jun 30, 2020, 7:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.