ETV Bharat / state

Hojai Encounter : পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলিয়ালে নজৰুলক - Lumding forest

আৰক্ষীৰ এনকাউন্টাৰত আহত কুখ্যাত ভূ-মাফিয়া নজৰুল (Land Mafia Nazrul) ৷ আৰক্ষীৰ গুলিত ভৰিত আঘাতপ্ৰাপ্ত ভূ-মাফিয়া নজৰুলক সম্প্ৰতি নগাঁও অসামৰিক চিকিৎসালয় (Nagaon Civil Hospital)লৈ প্ৰেৰণ ৷

as_hojai_01_20nov_encounter_photo_10015
Hojai Encounter : পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলিয়ালে নজৰুলক
author img

By

Published : Nov 20, 2021, 8:50 AM IST

Updated : Nov 20, 2021, 5:03 PM IST

হোজাই, 20 নৱেম্বৰ : হোজাইৰ দুই পৃথক স্থানত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা ৷ শুকুৰবাৰে জিলাখনৰ দুটাকৈ স্থানত গুলীচালনা কৰে আৰক্ষীয়ে ৷ প্ৰাপ্ত তথ্য অনুসৰি, লামডিং সংৰক্ষিত বনাঞ্চলৰ ভূ-মাফিয়া নজৰুলক ইতিমধ্যে কৰায়ত্ত কৰিছে আৰক্ষীয়ে ৷ শুকুৰবাৰে নিশা আৰক্ষীৰ বেষ্টনীৰ পৰা নজৰুলে পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলীত আহত হয় ৷

ইয়াৰ লগতে শুকুৰবাৰে নিশা প্ৰায় 11.30 বজাত শালবাগানত সংঘটিত হয় আনটো গুলীচালনাৰ ঘটনা ৷ আৰক্ষীয়ে কৰায়ত্ত কৰা জাকিৰ নামৰ দুৰ্ধৰ্ষ বাইক চোৰ এটাই শালবাগান অঞ্চলত পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে ভৰিত উদ্দেশ্যি গুলীচালনা কৰে ৷ উল্লেখ্য যে, জাকিৰে আন এক বাইক চোৰ আমিৰক দেখুৱাই দিবলৈ আৰক্ষীক লৈ গৈছিল শালবাগান অঞ্চললৈ ৷ সম্প্ৰতি নগাঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দুয়োগৰাকী অভিযুক্তক ৷

উল্লেখ্য যে, যোৱা 16 নৱেম্বৰত লামডিং বনাঞ্চলতে (Lumding Forest) আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নজৰুলক ৷ নজৰুলে চৰকাৰী ভূমি(Govt land)ত ধনৰ বিনিময়ত একাংশ লোকক থাকি খেতি কৰাৰ সুবিধা কৰি দিছিল । নজৰুলৰ নিৰ্দেশ মানিয়েই সকলো কাম কৰিছিল এইসকল লোকে । কিন্তু এতিয়া প্ৰশাসনৰ উচ্ছেদ (Eviction)ৰ বাবে গৃহহীন হৈছে বহু পৰিয়াল ।

বেদখলকাৰীয়ে নিজেই প্ৰকাশ কৰিছে যে, কেনেকৈ তেওঁলোকে বনাঞ্চলৰ ভূমি অবৈধভাৱে দখল কৰিছিল । বনাঞ্চলত থকাৰ বাবদ প্ৰতিটো পৰিয়ালৰ পৰা ধন সংগ্ৰহ কৰিছিল নজৰুলে । লামডিং বনাঞ্চলত প্ৰশাসনে উচ্ছেদ (Lumding Forest Eviction) চলোৱাৰ সময়ত পোহৰলৈ আহে এই তথ্য । ইয়াৰ পাচতে নজৰুলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই আৰক্ষী-প্ৰশাসনক নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক : Lumding forest encroachment: অৱশেষত হোজাই আৰক্ষীৰ হাতত ভূ-মাফিয়া নজৰুল

Last Updated : Nov 20, 2021, 5:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.