হোজাই,২৫ এপ্ৰিলঃ বালি ভৰ্তি টাটা মোবাইল আৰু আল্ট্ৰা বাছৰ মাজত ভয়ংকৰ দুৰ্ঘটনা । আল্ট্ৰাখন হোজাইৰ পৰা নগাঁও অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো। আহত হয় কেইবাগৰাকীও ব্যক্তি ।
ইতিমধ্যে আঘাতপ্ৰাপ্ত লোকসকলক হোজাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে পলায়ন কৰে টাটা মোবাইলৰ চালকজনে ।