ETV Bharat / state

হোজাইত কংগ্ৰেছ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিট - etv bharat assam

হোজাই জিলাৰ ৰাজীৱ ভৱনত জিলা সাধাৰণ সভা চলি থকাৰ সময়তেই তাত উপস্থিত কংগ্ৰেছ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷

কংগ্ৰেছ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিত হোজাইত
author img

By

Published : Jul 29, 2019, 5:52 PM IST

হোজাই, 29 জুলাই: হোজাই জিলাৰ ৰাজীৱ ভৱনত জিলা সাধাৰণ সভা চলি থকাৰ সময়তেই তাত উপস্থিত কংগ্ৰেছ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় ৷ হোজাইৰ ৰাজীৱ ভৱনত চলি থকা জিলা সভাৰ মাজতেই বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিনে যমুনামুখ সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতিৰ লগত প্ৰথমাবস্থাত তৰ্কা-তৰ্কিত লিপ্ত যদিও পৰৱৰ্তী সময়ত লগত লৈ অহা গুণ্ডা বাহিনীৰ দ্বাৰা বাঁহ লৈ প্ৰহাৰ কৰে ৷ নিজৰ ব্যক্তিগত শিল বালিৰ ব্যৱসায়ৰ খাতিৰত বিজেপিৰ সতে ভিতৰি মিত্ৰতা কৰি আছে বুলি উক্ত সভাত এক অভিযোগ আনিছিল যমুনামুখ সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি চাইদুল আলমে ৷ তাকে লৈ সংঘটিত হয় এই মাৰপিটৰ ঘটনাৰ ৷ উল্লেখযোগ্য যে,কংগ্ৰেছ দলৰ হাতত থকা হোজাই জিলা পৰিষদৰ খনৰ ওপৰত ইতিমধ্যে অনাস্থা প্ৰস্তাৱ আনিছিল ৰেহান উদ্দিনৰ উচতনিত আন দুজন জিলা পৰিষদৰ কংগ্ৰেছ সদস্যই ৷ পৰৱৰ্তী সময়ত এই ঘটনাৰ সন্দৰ্ভত হোজাই জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকে এক প্ৰেছ বিজ্ঞপ্তি যোগে দল বিৰোধী কাৰ্যকলাপ আৰু বিজেপিক সমৰ্থন কৰাৰ বাবে ৯ জন সদস্যক কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ কৰে ৷ বহিষ্কৃত সদস্য সকল ক্ৰমে বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিন,নীলবাগান জিলা পৰিষদৰ সদস্য নেৱাজ উদ্দিন,ডবকা জিলা পৰিষদৰ সদস্য নুৰ আহমেদ,চাংমাজী পঞ্চায়তৰ এপি মিনাক্ষী বাগলাৰী,বালিৰামৰ এ পি দিপা দাস,সুতাৰগাঁওৰ এ পি প্ৰাণবল্লভ দেৱনাথ,যমুনামুখৰ এ পি প্ৰতীম চৌধুৰী,ভেলৌগুৰীৰ এ পা কামাল উদ্দিন, নগঞাপামৰ এ পি জাহানাৰা বেগম ৷ বৰ্তমানলৈকে উক্ত ঘটনা সন্দৰ্ভত চাইদুল আলমে আৰক্ষীৰ আগত কোনোধৰণৰ এজাহাৰ দাখিল কৰা নাই৷

Intro:হোজাই জিলাৰ ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিতৰ ঘটনা | Body:হোজাই জিলাৰ ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিতৰ ঘটনা |
ৰাজীৱ ভৱনত জিলা সাধাৰণ সভা চলি থকাৰ সময়তেই হোজাইৰ বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিনে সভাৰ মাজতেই যমুনামুখৰ সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতিৰ লগত প্ৰথমে তৰ্কা-তৰ্কিত লিপ্ত হোৱাৰ লগতে ,লগত লৈ অহা গোন্দা বাহিনীৰ দ্বাৰা বাহঁ লৈ মাৰপিত ঘটনা সংঘটিত কৰে | উল্লেখ যে, কংগ্ৰেছ দলৰ হাতত থকা হোজাই জিলা পৰিষদৰ খনৰ ওপৰত অনাস্থা প্ৰস্তাৱ আনিছিল বিজেপি সদস্যৰ লগতে ৰেহান উদ্দিনৰ উচতনিত আন দুজন জিলা পৰিষদৰ কংগ্ৰেছ সদস্যই | আনহাতে ৰেহান উদ্দিনে নিজৰ ব্যক্তিগত শিল বালিৰ ব্যৱসায়ৰ খাতিৰত বিজেপিৰ সতে ভিতৰি মিত্ৰতা কৰি আছে বুলি সভাত এক অভিযোগ আনিছিল যমুনামুখ সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি চাইদুল আলমে | তাকে লৈ সংঘটিত হয় মাৰপিতৰ ঘটনা | পিছত হোজাই জিলা কংগ্ৰেছ সাধাৰণ সম্পাদকে এক প্ৰেছ বিজ্ঞপ্তি যোগে দল বিৰোধী কাৰ্য্যকলাপ আৰু বিজেপিক সমৰ্থন কৰাৰ বাবে ৯ জনক কংগ্ৰেছ দলৰ পৰা বহিস্কাৰ কৰে | নাম কেইটা ক্ৰমে বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিন,নীলবাগান জিলা পৰিষদৰ সদস্য নেৱাজ উদ্দিন,ডবকা জিলা পৰিষদৰ সদস্য নুৰ আহমেদ,চাংমাজী পঞ্চায়তৰ এপি মিনাক্ষী বাগলাৰী, বালিৰামৰ এ পি দিপা দাস,সুতাৰগাঁওৰ এ পি প্ৰাণবল্লভ দেৱনাথ,যমুনামুখৰ এ পি প্ৰতীম চৌধুৰী,ভেলৌগুৰীৰ এ পা কামাল উদ্দিন, নগঞাপামৰ এ পি জাহানাৰা বেগমক | কিন্তু বৰ্তমানলৈকে চাইদুল আলমে ঘটনাসন্দৰ্ভত আৰক্ষীত এজাহাৰ দাখিল কৰা নাই |

BYTE: চাইদুল আলম

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.