হোজাই,13 অক্টোবৰঃ শেহতীয়াকৈ হোজাই জিলাৰ লংকাত আৰক্ষীৰ হাতত জব্দ হৈছে ইখনৰ পাছত সিখনকৈ অবৈধভাৱে কঢ়িয়াই অনা কয়লা ভৰ্তী ট্ৰাক। জিলাখনৰ লংকা আৰক্ষীৰ হাতত সোমবাৰে নিশাও পুনৰ জব্দ হয় অবৈধ ভাৱে কঢ়িয়াই অনা আন এখন কয়লা ভৰ্তি ট্ৰাক। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS-09C-4796 । জানিব পৰা মতে ডিমা হাচাও জিলাৰ হাফলঙৰ আৰ্দ্ধাৰ তিনিআলিৰ পৰা লংকা হৈ গুৱাহাটীলৈ সৰবৰাহ কৰি নি আছিল কয়লাখিনি।
![Hojai coal loaded truck seized](https://etvbharatimages.akamaized.net/etvbharat/prod-images/hojaicoalloadedtruckseized_13102020095422_1310f_1602563062_996.png)
ইতিমধ্যে,আৰক্ষীয়ে প্ৰাথমিক তদন্তত উক্ত সৰবৰাহৰ লগত জনৈক আলতাফ নামৰ লোক এজন জড়িত থকা বুলি জানিব পাৰিছে । লক্ষণীয় যে, দীৰ্ঘদিনৰ পৰা জিলাখনত অবৈধ কয়লা সৰবৰাহ পূৰ্ণোদ্যমে চলি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷ শেহতীয়াকৈ জিলাখনৰ আৰক্ষী অধীক্ষক গৰাকীৰ বদলিৰ পাছতেই নতুনকৈ জিলাখনত কাৰ্যনিবাহ কৰা আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয়ে গ্ৰহণ কৰা কঠোৰ পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে ।
লগতে পঢ়কঃ গোলাঘাটত অবৈধ খাৰুৱা তেলৰ বেহাঃ আৰক্ষীৰ জালত চোৰাং ব্যৱসায়ী