ETV Bharat / state

পুনৰ ৰাজ্যজুৰি আৰম্ভ হৈছে 'কা' বিৰোধী আন্দোলন - aasu

জাতিধ্বংসী 'কা' বাতিল আৰু 'কা' আন্দোলনত শ্বহীদ হোৱা ৫ গৰাকীকৈ নিৰীহ ব্যক্তিৰ মৃত্যুৰ তদন্ত আৰু দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত ৰাজ্যৰ অন্যান্য প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ ৷

hojai caa_protest
পুনৰ ৰাজ্যজুৰি আৰম্ভ হৈছে 'কা' বিৰোধী আন্দোলন
author img

By

Published : Dec 12, 2020, 9:31 PM IST

হোজাই, 12 ডিচেম্বৰ : পুনৰ ৰাজ্যজুৰি আৰম্ভ হৈছে জাতিধ্বংসী 'কা' বিৰোধী আন্দোলন। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হোজাই জিলা লংকাতো হোজাই জিলা ছাত্ৰ সন্থাৰ উদ্যোগত 'কা' বিৰোধী গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ন কৰা হৈছে ।
জাতি ধ্বংসী আইন খন প্ৰত্যাহাৰৰ দাবীত ইতিমধ্যে ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিভিন্ন দল সংগঠনে । জাতিধ্বংসী 'কা' বাতিল আৰু 'কা' আন্দোলনত শ্বহীদ হোৱা ৫ গৰাকীকৈ নিৰিহ ব্যক্তিৰ মৃত্যুৰ তদন্ত আৰু দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত ৰাজ্যৰ অন্যান্য প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ ৷ সমান্তৰালকৈ লংকাতো শনিবাৰে গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰে হোজাই জিলা ছাত্ৰ সন্থাই।

hojai caa_protest
পুনৰ ৰাজ্যজুৰি আৰম্ভ হৈছে 'কা' বিৰোধী আন্দোলন

হোজাই জিলা ছাত্ৰ সন্থাৰ শতাধিক কৰ্মকৰ্তাই লংকা চক্ৰ বিষয়া কাৰ্যালয়ৰ সমীপত ৰূপায়ণ কৰা এই গণ হুংকাৰ কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৰ সদস্য সকলে হাতে হাতে প্লে’-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগে কা আমি নামানো, নাগৰিকত্ব আইন বাতিল কৰক আদি প্ৰতিবাদী ধ্বনিৰে প্ৰতিবাদস্থলী অধিক উত্তাল কৰি তোলে । তদুপৰি আগন্তুক দিনত কা আইন খন বলৱৎ হ'লে জংগী আন্দোলন গঢ় দি তোলাৰো হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।
লগতে পঢ়ক: CAA ৰ বিৰোধিতাৰে গোলাঘাটত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.