হোজাই,16মে': সুদীৰ্ঘ তিনিটা দশকজোৰা সন্ত্ৰাসেৰে জৰ্জৰিত কাৰ্বি পাহাৰত সম্প্ৰতি ক্ৰমাৎ শান্তিৰ পৰিৱেশ ঘূৰি অহাৰ সময়তে পুনৰ সংঘটিত হ'ল ব্যৱসায়ী অপহৰণৰ ঘটনা ৷ বুধবাৰে সন্ধিয়া পশ্চিম কাৰ্বি আংলঙৰ বৈঠলাংছ' আৰক্ষী চকীৰ অন্তৰ্গত সাত গাঁওস্থিত বজাৰৰ পৰা বিজয় পাল ওৰফে বাবু পাল(৪৫) নামৰ ব্যৱসায়ীজনক কোনো অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰি লৈ যায় ৷ দহ বছৰীয়া ভাগিনীয়েকৰ ভাষ্য অনুসৰি আন দিনৰ দৰে বুধবাৰেও সন্ধিয়া প্ৰায় ৭ মান বজাত দোকান বন্ধ কৰি ঘৰলৈ উভতি অহাৰ যো-যা চলাওঁতেই বাইকত অহা হেলমেট পৰিহিত দুই অপহৰণকাৰীয়ে ব্যৱসায়ীগৰাকীক বাইকত উঠাই অপহৰণ কৰি লৈ যায় ।
উল্লেখ্য যে ঘটনাটো ১০ বছৰীয়া ভাগিনৰ সম্মুখতে সংঘটিত হৈছিল ৷ পাচত অপহৃত বিজয় পালৰ পৰিয়ালে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । ইতিমধ্যে আৰক্ষীয়ে পৰিয়ালৰ এজাহাৰৰ ভিত্তিতে অপহৃত ব্যৱসায়ীজনৰ অনুসন্ধান অব্যাহত ৰাখিছে ৷