ETV Bharat / state

বিদ্যুৎ সংযোগ নাই,কিন্তু গ্ৰাহকলৈ আহিল বিদ্যুতৰ বিল

বিদ্যুৎ সংযোগ লাভ নকৰাকৈ গ্ৰাহকৰ নামত আহিল বিদ্যুতৰ মাছুলৰ বিল ৷ কেইবাটাও পৰিয়ালৰ নামত দুই তিনি মাহৰ পৰা আহি আছে বিদ্যুতৰ মাহেকীয়া মাছুল ।

author img

By

Published : Jun 24, 2020, 10:29 AM IST

বিদ্যুৎ সংযোগ নাই,কিন্তু গ্ৰাহকলৈ আহিল বিদ্যুতৰ বিল
বিদ্যুৎ সংযোগ নাই,কিন্তু গ্ৰাহকলৈ আহিল বিদ্যুতৰ বিল

হোজাই, 24 জুনঃ হোজাইত সংঘটিত হৈছে নোহোৱা নোপজা এটা ঘটনা ৷ কোনোধৰণৰ বিদ্যুত সংযোগ নোহোৱাকৈ, বিদ্যুৎ খৰচ নকৰাকৈ একাংশ লোকলৈ আহিল বিদ্যুতৰ মাছুলৰ বিল ৷ কিন্তু বিদ্যুৎ সংযোগ লাভ নকৰাকৈ কেনেকৈ গ্ৰাহকৰ নামত আহিল বিদ্যুৎ মাছুলৰ বিল ?

সঁচা ঘটনা, এই ঘটনাটো সংঘটিত হৈছে হোজাই সমষ্টিৰ হায়ং গাঁৱত । জানিব পৰা মতে,কিছু দিন পূৰ্বে কঠিয়াতলী বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত হোজাই সমষ্টিৰ হায়ং গাঁৱৰ কেইবাটাও পৰিয়ালে প্ৰধান মন্ত্ৰীৰ ঘৰে ঘৰে বিদ্যুৎ সংযোগ অভিযানৰ পৰা বিদ্যুতৰ মিটাৰ লাভ কৰিছিল । তাৰ পিছত কঠিয়াতলী সংমণ্ডলে গাঁৱখনত বিদ্যুৎ যোগান ধৰিব নোৱাৰাত পুনৰ বিদ্যুতৰ মিটাৰ কেইটা উভটাই লৈ যায় যদিও হায়ং গাঁৱৰ কেইবাটাও পৰিয়ালৰ নামত দুই তিনি মাহৰ পৰা আহি আছে বিদ্যুতৰ মাহেকীয়া মাছুল ।

উল্লেখ যে,হায়ং গাঁৱৰ উক্ত অঞ্চলটোত বৰ্তমানলৈকে নাই বিদ্যুতৰ খুটা বা খুটাত লাইনৰ সংযোগ । বিদ্যুৎ সংযোগ নথকাৰ পিছত কেনেকৈ ব্যক্তি কেইজনৰ নামত বিদ্যুতৰ মাহেকীয়া মাছুলৰ বিল আহি আছে তাক লৈ আচৰিত হৈছে অঞ্চলটোৰ গঞা।

লগতে চাওকঃ ভৰলুমুখ আৰক্ষী বিষয়াৰ দেহত কৰ'ণা ভাইৰাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.