ETV Bharat / state

হোজাইত চেগুন কাঠৰ কুণ্ডাসহ কাঠ ফলা মিল জব্দ

author img

By

Published : Jan 5, 2021, 7:40 PM IST

অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে হোজাই জিলাৰ লংকাত বন বিভাগৰ অভিযান । দুদিনীয়া অভিযানত জব্দ চেগুন গছৰ কুণ্ডা আৰু কাঠ ফলা মিল । কাকীৰ মইনাপুৰত গোপাল নাথ নামৰ এজন লোকে নিজৰ ঘৰতে অবৈধভাৱে চলাই আছিল কাঠ ফলা মিলটো ।

অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে লংকাত বন বিভাগৰ অভিযান

হোজাই,৫ জানুৱাৰী: হোজাইত অব্যাহত আছে অবৈধ কাঠ ব্যৱসায়ীৰ দপদপনি । সোমবাৰে আৰু মঙলবাৰে লংকাৰ কেইবাটাও স্থানত অভিযান চলায় বন বিভাগে । এক গোপন সূত্ৰৰ পম খেদি,বন বিভাগে কাকীৰ মইনাপুৰৰ গোপাল নাথ নামৰ লোকজনৰ ঘৰত অভিযান চলাই অবৈধভাৱে মজুত কৰি ৰখা বহু পৰিমাণৰ মূল্যৱান চেগুন কাঠৰ কুণ্ডা জব্দ কৰে । লগতে গোপাল নাথে নিজৰ ঘৰতে অবৈধভাৱে চলাই থকা কাঠ ফলা মিলটোও জব্দ কৰে বন বিভাগে ।

গোপাল নাথ নামৰ চোৰাং কাঠ ব্যৱয়ায়ীজন পলাতক অৱস্থাত আছে বুলি জানিবলৈ দিছে অভিযানকাৰী দলটোৱে । উল্লেখ্য যে,দীৰ্ঘ দিনৰ ধৰি একাংশ বন মাফিয়াই কাকী,ন-খুঁটি আদি বিভিন্ন অঞ্চলত অবৈধভাৱে কাঠ ফলা মিল স্থাপন কৰি লামডিং সংৰক্ষিত বনাঞ্চলখন ধ্বংসৰ দিশলৈ ঠেলি দিছে । এই বিষয়ে তথ্য লাভ কৰিলেই বন বিভাগে অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলায় ।

বিগত দুটা দিনতো লংকাৰ বন বিষয়া নিৰোদ কুমাৰ সুত আৰু বন পালক মনোজ শৰ্মাৰ নেতৃত্বত বন বিভাগৰ এটা দলে লংকাত অভিযান চলাই চোৰাং কাঠ জব্দ কৰে। পূৰ্বেও হোজাইৰ বিভিন্ন স্থানৰ পৰা বন বিভাগে চোৰাং কাঠ জব্দ কৰিছে ।

লগতে পঢ়ক:এন পি এছ কৰ্মচাৰী সংস্থাৰ নাওবৈচা আঞ্চলিক সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.