হোজাই,18 মে’: ক'ভিডৰ দ্বিতীয়টো ঢৌত বহুলোক আক্ৰান্ত হোৱাৰ লগতে বহুজনে হেৰুৱাইছে প্ৰাণ ৷ আনহাতে, ক'ভিডৰ পৰা ৰাইজক সুৰক্ষা দিবলৈ চৰকাৰে দহজনতকৈ অধিক লোক আক্ৰান্ত হোৱা এলেকাসমূহক কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷ সেই এলেকাৰ প্ৰৱেশ-প্ৰস্থানত জাৰি কৰিছে সম্পূৰ্ণ নিষেধাজ্ঞা ।
কিন্তু শেহতীয়াকৈ কণ্টেইনমেণ্ট জ'নসমূহত থকা লোকসকলে খাদ্য সামগ্ৰীকে ধৰি অন্যান্য প্ৰয়োজনীয় সামগ্ৰীক লৈ সমস্যাৰ সন্মুখীন হৈছে । কাকীত কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষিত এটা অঞ্চলৰ লোকক সকাহ দিবলৈ সোমবাৰে কাকী সাংবাদিক সন্থাই ৩৫ টা ক'ভিড আক্ৰান্ত পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি মহানুভৱতাৰ পৰিচয় দিয়ে ।
উল্লেখ্য যে, কণ্টেইনমেণ্ট জ'নৰ দৰিদ্ৰ লোকসকলক খাদ্য সামগ্ৰী যোগান ধৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসনক নিৰ্দেশ দিছে যদিও কাকীৰ এই অঞ্চলৰ ৰাইজে কোনো ধৰণৰ সাহায্য লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।