ETV Bharat / state

যমুনা নৈৰ বাঢ়নী পানীয়ে জলমগ্ন ডবকা ৰাজহ চক্ৰ বিস্তীৰ্ণ অঞ্চল

অঞ্চলটোৰ বিস্তীৰ্ণ বাওঁ ধানৰ খেতি পানীত ডুব যোৱাৰ ফলত এতিয়া মূৰে কপালে হাত দিব লগা পৰিলক্ষিত হৈছে কৃষক সকলে ৷ আনহাতে জীৱ-জন্তু লগতে মানুহৰ বাসস্থান অভাৱ হোৱা পৰিলক্ষিত হৈছে বানৰ কবলত পৰা অঞ্চলটোত ৷

author img

By

Published : Jul 15, 2019, 4:52 AM IST

যমুনা নৈৰ বাঢ়নী পানীয়ে জলমগ্ন ডবকা ৰাজহ চক্ৰ বিস্তীৰ্ণ অঞ্চল

হোজাই, 15 জুলাই: ৰাজ্যত অপৰিবৰ্তিত বান পৰিস্থিতি ৷ উজনি আৰু নামনি অসমৰ পিছত এইবাৰ বানে কালৰূপ ধাৰণ কৰিছে মধ্য অসমত । হোজাইৰ যমুনা নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত চাৰ্লক জঙলব্লক বেদৌহাটী লগতে কেইবাখনো গাঁও । অঞ্চলটোৰ বিস্তীৰ্ণ বাওঁ ধানৰ খেতি পানীত ডুব যোৱাৰ ফলত এতিয়া মূৰে কপালে হাত দিব লগা পৰিলক্ষিত হৈছে কৃষক সকলে ৷ আনহাতে জীৱ-জন্তু লগতে মানুহৰ বাসস্থান অভাৱ হোৱা পৰিলক্ষিত হৈছে বানৰ কবলত পৰা অঞ্চলটোত ৷ কোনো কোনো অঞ্চলত বানে দলং উটুৱাই নিয়াৰ ফলত হাহাকাৰ পৰিস্তিতিৰ সৃষ্টি হৈছে বানাক্ৰান্ত ৰাইজৰ মাজত ৷ এই ক্ষেত্ৰত এতিয়াও চৰকাৰৰ ফালৰ পৰা লগতে যমুনামুখ সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আব্দুৰ ৰহিম আজমলে কোনো খবৰ নলোৱাৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্ত ৰাইজে ৷

Intro:যমুনা নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে ডবকা ৰাজহ চক্ৰBody:ৰাজ্যত এতিয়া কালৰূপ ধাৰণ কৰিছে বানপানীয়ে । উজনি আৰু নামনি অসমৰ পিছত বানে এইবাৰ কালৰূপ ধাৰণ কৰিছে মধ‍্য অসমত । যমুনা নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিছে ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত চাৰ্লক জঙলব্লক বেদৌহাটী লগতে কেইবাখনো গাঁও। বহুতো বাওঁ ধানৰ খেতি পানীত ডুব যায় এতিয়া কৃষকে মূৰে কপালে হাত দিব লগা পৰিলক্ষিত হৈছে ।আনফালে জীৱ জন্তু লগতে মানুহৰ বাসস্থান অভাৱ হোৱা পৰিলক্ষিত হৈছে । এতিয়া কৰবাত যদি বানে দলং উটুৱাই লৈ গৈছে আকৌ আন কৰবাত খেতি পথাৰ ডুব গৈছে ।সেয়ে এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে বানাক্ৰান্ত ৰাইজৰ মাজত ।
এই ক্ষেত্ৰত এতিয়াও চৰকাৰৰ ফালৰ পৰা আৰু লগতে যমুনামুখ সমষ্টিৰ AIUDF ৰ বিধায়ক আব্দুৰ ৰহিম আজমলে কোনো খবৰ নলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.