হোজাই, 9 অক্টোবৰ: হোজাইত ভুৱা আধাৰকেন্দ্ৰ উৎখাত কৰাৰ লগতে তিনিজনক আটক ৷ হোজাইৰ আৰক্ষী অধীক্ষকৰ গোপন তথ্যৰ ভিত্তিত অভিযান চলাই আধাৰ কেন্দ্ৰটো উৎখাত কৰা হয় ৷ মোৰাঝাৰ আৰু দেৱস্থানৰ আৰক্ষীয়ে এক অভিযান চলাই আধাৰ কেন্দ্ৰটো উৎখাত কৰে ৷

অভিযোগ অনুসৰি কাৰ্বি আংলঙৰ নামত আৱন্টন লৈ কেন্দ্ৰটো চলাই থকা হৈছিল ৷ জানিব পৰা মতে প্ৰতিটো আধাৰ কাৰ্ডৰ নামত 500 ৰ পৰা 1000 টকা পৰ্যন্ত সংগ্ৰহ কৰা হৈছিল ৷ এই দুস্কাৰ্যৰ সৈতে জড়িত তিনি গৰাকী লোকক আটক কৰাৰ লগতে আৰক্ষীয়ে কেন্দ্ৰটোত থকা কম্পিউটাৰ আৰু লেপটপ আদি জব্দ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: কাছাৰত আটক 3 উগ্ৰপন্থীঃ জব্দ অস্ত্ৰ-শস্ত্ৰ