ETV Bharat / state

ই টিভিৰ বাতৰিৰ প্ৰভাৱ: হোজাইত বৃদ্ধাক প্ৰহাৰ কৰি ৰঙা ঘৰৰ আলহী দুজন

হোজাইত এগৰাকী বৃদ্ধাৰ গৰুৱে এৰাল চিগি ASEBৰ কলনীত প্ৰৱেশ কৰিছিল । তাৰ পিছতে গৰুটোৰ গৰাকী বৃদ্ধাগৰাকীক প্ৰহাৰ কৰিছিল কেইবাজনো লোকে । এই বাতৰি ই টিভি ভাৰতত সম্প্ৰচাৰ হোৱাৰ পিছতে গ্ৰেপ্তাৰ দুজনকৈ ঘটনাৰ অভিযুক্ত ।

author img

By

Published : May 23, 2021, 8:26 PM IST

ETV BHARAT NEWS IMPACT
হোজাইত বৃদ্ধাক প্ৰহাৰ কৰি ৰঙা ঘৰৰ আলহী দুজন

হোজাই, ২৩ মে': লংকাৰ মালাকাৰ বস্তিত শনিবাৰে এক অমানৱীয় ঘটনা সংঘটিত হৈছিল । ৬০ ৰ উৰ্ধৰ বৃদ্ধা মহিলাক প্ৰহাৰ কৰে বিদুৎ বিভাগৰ কৰ্মচাৰীৰ লগতে হোম গাৰ্ডে ৷ মহিলাগৰাকীৰ গৰুটোয়ে এৰাল চিগি গৈ ASEB ৰ কলনীত প্ৰৱেশ কৰিছিল । দুদিন ধৰি হেৰুওৱা গৰুটো বিচাৰি মহিলাগৰাকীয়ে শংকৰদেৱ নগৰ ASEB কাৰ্যালয়ত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰিছিল ।

মহিলাগৰাকীয়ে যেতিয়া গৰুটো খুলি দিবলৈ অনুৰোধ কৰিছিল অভিযোগ অনুসৰি তেতিয়াই কাৰ্যালয়টোত কৰ্তব্যৰত থানেশ্বৰ বৰা নামৰ ASEB ৰ এজন কৰ্মচাৰী আৰু একাংশ গৃহৰক্ষী বাহিনীৰ জোৱানে বৃদ্ধা মহিলা গৰাকীক কাৰেণ্টৰ কেবুলেৰে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ।

ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল । শনিবাৰে ই টিভি ভাৰতত প্ৰচাৰ হৈছিল এই বাতৰি । ই টিভিৰ বাতৰিয়ে দৃষ্টি আকৰ্ষণ কৰে হোজাই জিলা প্ৰশাসনৰ । লগে লগে আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষৰ নির্দেশত ২৪ ঘন্টাৰ ভিতৰতে পিএছ নং ৩৩৫/২১ ইউ/এছ-৩৪৪১/২৯৪/৩৩৪(খ)/৩০/৩৪ ধাৰাত এক গোচৰ ৰুজু কৰা হয় আৰু ৰাজীব মেধী আৰু গৌতম দাসক গ্ৰেপ্তাৰ কৰা হয় । হোজাই প্ৰশাসনে জানিবলৈ দিয়া মতে ইতিমধ্যে দুয়োগৰাকী অভিযুক্তকে জেললৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক:ডিব্ৰুগড়ত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.