হোজাই, ১১ ছেপ্টেম্বৰ: উৎকোচ লৈ কাম কৰাৰ অপ-সংস্কৃতিয়ে যেন একাংশ চৰকাৰী কৰ্মচাৰীৰ মানসিকতা সলনি কৰি দিছে । পেঞ্চনৰ ধন মোকলাই দিয়াৰ বাবদো দাবী কৰে ধন । হোজাই জিলাত পোহৰলৈ আহিছে এনে এক ঘটনা । উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল লংকা হাইস্কুলৰ কৰ্মচাৰী ।
১৯৫০ চনতে স্থাপিত লংকা হাইস্কুলৰ উচ্চবর্গৰ সহায়ক বিকাশ ৰায়ৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল অৱসৰপ্ৰাপ্ত শিক্ষক কমল বৰাই । এই অভিযোগৰ ভিত্তিতে শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায় আৰু উৎকোচ লৈ থকা অৱস্থাতে হাতে-লোটে কৰায়ত্ত কৰে বিকাশ ৰায়ক । অৱসৰপ্ৰাপ্ত শিক্ষক কমল বৰাৰ অভিযোগ মতে, পেঞ্চনৰ ধন মোকলাই দিবলৈ উচ্চবর্গ সহায়ক বিকাশ ৰায়ে তেওঁৰ পৰা ৬৪ হাজাৰ টকা উৎকোচ বিচাৰিছিল । সেই উৎকোচৰ ধনৰ আগধন হিচাপে শুকুৰবাৰে দহ হাজাৰ টকা লওতেই দুর্নীতি নিবাৰক শাখাই হাতে-লোটে কৰায়ত্ত কৰে ।
পূৰ্বে কমল বৰাৰ পৰা বিকাশ ৰায়ে ২৫ হাজাৰ টকা লোৱাৰো অভিযোগ উত্থাপিত হৈছে । বিকাশ ৰায়ক নিশা লংকা থানাত ৰাখি আৰক্ষীয়ে জেৰা চলাইছে বুলি জানিব পৰা গৈছে । অৱশ্যে এই বিষয়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই বিশেষ তথ্য জানিবলৈ দিয়া নাই ।
লগতে পঢ়ক:ৰঙাপৰাত হাতী-মানুহৰ সংঘাতৰ শিহৰণকাৰী দৃশ্য দেখিলো আপোনাৰ চকু কপালত উঠিব