হোজাই,18 জুনঃ যান্ত্ৰিকতাৰ মাজতো জীয়াই আছে মানৱতা ৷ লংকাৰ নিৰ্বাসী ৰোহিত আগৰৱালা ডাঙৰীয়াই ২০১৬ চনতেই তেওঁৰ প্ৰয়াত পিতৃ আৰু মাতৃৰ নামত শুভাৰম্ভ কৰিছিল "ঔম প্ৰকাশ প্ৰমিলা দেৱী মেমৰিয়েল চেৰিটেবল ন্যাস'' । উক্ত ন্যাসৰ মূল উদ্দেশ্য আছিল হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ আৰ্থিক ভাৱে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ হাইস্কুল শিক্ষান্ত পৰিক্ষাত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহাৰ্য প্ৰদান কৰা | বিগত তিনি বছৰৰ পৰা উক্ত ন্যাসটোৱে লংকা তথা হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰি আহিছে আৰ্থিক সাহাৰ্য ৷ এইবাৰো উক্ত ন্যাসটোৱে বিগত তিনি বছৰৰ দৰে লংকাৰ লংকেশ্বৰী নাট্য মন্দিৰত এখন আনুষ্ঠানিক ভাৱে সভা অনুষ্ঠিত কৰি ১৬ গৰাকী দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিলে আৰ্থিক সাহাৰ্য।
উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া, হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ, হোজাই জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষককে ধৰি হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি সকল ৷ অনুষ্ঠানটোত সম্বৰ্ধনা গ্ৰহণ কৰা দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰী সকলৰ মনৰ কথা শুনি দুচকুৰে চকুলো নিগৰে অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ ৷