হোজাই, 26 অক্টোবৰঃ শাৰদীয় বতৰত সমগ্ৰ ৰাজ্যতেই চৰকাৰে জাৰি কৰা কোভিড প্ৰট'কল মানি ৰাইজে উদযাপন কৰিছে দুৰ্গোৎসৱ ৷ সমান্তৰালকৈ হোজাই জিলাতো একেই পৰিৱেশ ৷ কোভিড-19ৰ চৰকাৰী নীতি নিৰ্দেশনা মাজেৰে ভক্তসকলে পালন কৰিলে মহা নৱমী ।
সমগ্ৰ দেশৰ লগতে ৰাজ্যতো এতিয়া ঢাক-ঢোলৰ মাতত মুখৰিত হৈ পৰিছে ৷ হোজাই জিলাতো উলহ-মালহেৰে উদযাপন কৰা হয় দুৰ্গা পূজা ৷ প্ৰতিকুল বতৰকো নেওচি পূজাস্থলীত অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ প্ৰতিজন ভক্তই দেৱী মাৰ ওচৰত পূজা,অৰ্চনা, সেৱা আগবঢ়াইছে ৷ প্ৰতিকুল বতৰকো নেওচি সকলো ওলাই আহিল নৱমীৰ আশীষ ল'বলৈ । কৰ'ণা প্ৰতিৰোধৰ বাবে পূজা উদযাপন সমিতিয়ে প্ৰতিজন ভক্তকে শৰীৰৰ চাপ জোখাৰ লগতে চেনিটাইজাৰ, মাস্ক পৰিধানৰ বাবে সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক- নলবাৰীৰ হৰি মন্দিৰত নৱমী উপলক্ষে ভক্তৰ ভিৰ