হোজাই, 27 এপ্ৰিল: ৰে’ল নগৰী লামডিঙত কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা দৈনিক বৃদ্ধি পাবলৈ ধৰিছে । কৰ’ণা আক্ৰান্ত হৈ এইপৰ্য্যন্ত লামডিঙৰ তিনিজন লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে ৷ মঙলবাৰে পুৱতি নিশা লামডিঙ বাবুপট্টিৰ নিবাসী শিখা দে নামৰ এগৰাকী বোৱাৰী ক’ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে ৷ মৃত শিখা দেৰ বয়স ৩৬ বছৰ বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ৷ দুদিন পূৰ্বে মহিলা গৰাকী কৰ’ণাত আক্ৰান্ত হৈ হোম আইচ’লেচনত আছিল ৷
যোৱা নিশা হঠাৎ মহিলাগৰাকীৰ শৰীৰৰ অৱনতি ঘটাত ৰে’লৱে চিকিৎসালয়লৈ অনাৰ সময়তে মৃত্যু ঘটে মহিলা গৰাকীৰ । ইপিনে মৃত শিখা দে’ৰ স্বামীও কৰ’ণাত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ৷ হোজাই জিলাখনৰ ভিতৰত কেৱল লামডিঙতেই ১৫৮ গৰাকী ক’ৰণাত আক্ৰান্ত হৈছে ৷ উল্লেখ্য যে, জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে ক’ভিড আক্ৰান্ত ৰোগীক সু-চিকিৎসা প্ৰদানৰ বাবে লামডিং ৰে’লৱে চিকিৎসালয়ত এটি ক’ভিড সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে ৷
লগতে পঢ়ক :বিজেপিৰ অগ্ৰগতি সন্দৰ্ভত বিধায়ক ডিম্বেশ্বৰ দাস, বিজেপি নেতা জিতু গোস্বামীৰ মন্তব্য