হোজাই, ২৫ এপ্ৰিলঃ হোজাই দীঘলজাৰণীত পাঁচ নৰপিশাচৰ জঘন্য ধৰ্ষনকাণ্ডত জড়িত দোষীক কঠোৰ শাস্তিৰ দাবীত ডবকা আঞ্চলিক ছাত্ৰ সন্থাই জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰকপত্ৰ প্ৰদান কৰে ৷
হোজাই দীঘলজাৰণীত পাঁচ নৰপিশাচে ধৰ্ষণ কৰিছিল এগৰাকী যুৱতীক । ইমানতে ক্ষান্ত নাথাকি নৰপিশাচ কেইটাই ধৰ্ষণৰ সমগ্ৰ ঘটনা চ'ছিয়েল মিডিয়াত মুকলি কৰি দিছিল ।এই সমগ্ৰ ঘটনাক সকলো দল সংগঠনে ধিক্কাৰ দিয়াৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবী কৰিলে প্ৰশাসনক । লগতে ডবকা আঞ্চলিক ছাত্ৰ সন্থাইয়ো এই ঘটনাক গৰিহণা দিয়াৰ লগতে উক্ত ঘটনাৰ লগত জড়িত সকলোকে উপযুক্ত শাস্তি দিবলৈ জিলা উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰে ।
অধিক জানিবলৈ - শোণিতপুৰৰ মিছামাৰী আৰক্ষীৰ বৃহৎ সফলতা