ETV Bharat / state

ডবকাৰ বিদ্যালয়ত চি আৰ পি এফৰ বৃক্ষৰোপণ

author img

By

Published : Aug 24, 2022, 3:45 PM IST

অতি সম্প্ৰতি পৃথিৱীৰ পৰিৱেশলৈ সংকট নামি আহিছে। সেই সংকটৰ লগত বহুলাংশে মোকাবিলা কৰিব পৰাৰ শক্তি কেৱল গছ গছনিৰহে আছে ৷ এই উদ্দেশ্য়ে ডবকাত চি আৰ পি এফে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ(Plantation of CRPF in Hojai)।

Plantation of CRPF in Hojai
ডবকাৰ বিদ্যালয়ত চি আৰ পি এফৰ বৃক্ষৰোপণ

হোজাই, ২৪ আগষ্ট: হোজাই জিলাৰ ডবকাত দুখনকৈ বিদ্যালয় প্ৰাংগনত চি আৰ পি এফে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে(CRPF plantation at Dobaka in Hojai)।চি আৰ পি এফৰ এটা দলে ছাত্ৰ-ছাত্ৰীৰ সহযোগত এই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা বুলি জানিব পৰা গৈছে ।

ডবকাৰ বিদ্যালয়ত চি আৰ পি এফৰ বৃক্ষৰোপণ

এই উপলক্ষে চি আৰ পি এৰ(CRPF plantation programme)দলটোৱে প্ৰথমে ডবকা এম ই মাদ্ৰাছা প্ৰাংগনত এই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে । কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিছৰ দলটোৰ নেতৃত্ব দিয়া বিষয়াগৰাকীয়ে বৰ্তমান সময়ত বনাঞ্চল ধ্বংশ হোৱা বাবে পৰিৱেশ আৰু জলবায়ুৰ পৰিবৰ্তন হৈছে বুলি কয়। এই পৰিৱেশ আৰু জলবায়ুৰ মাজত ভাৰসাম্য় ৰক্ষাৰ বাবে আমি সকলোৱে গছ ৰুব লাগে বুলিও কয় বিষয়াগৰাকীয়ে। তেওঁ পুনৰ কয় যে বর্তমান পৃথিৱীৰ পৰিৱেশলৈ সংকট নামি আহিছে । সেই সংকটৰ লগত বহুলাংশে মোকাবিলা কৰিব পৰাৰ শক্তি কেৱল গছ-গছনিৰহে আছে ৷ সেয়েহে সেউজ পৃথিৱীৰ বাবে গছপুলি ৰোপণ কৰি পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা(CRPF appeal for plantation)কৰিবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় ।

ইপিনে,ডবকা এম ই মাদ্ৰাছাৰ সমীপৰ ফৈয়াজ আলী চৌধুৰী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়তো বৃক্ষৰোপণ কাৰ্যসূচীত ৰূপায়ন কৰে অৰ্ধ সামৰিক বাহিনীৰ দলটোৱে। উক্ত বিদ্যালয় দুখনত অৰ্ধ সামৰিক বাহিনীৰ দলটোৱে বৃক্ষৰোপণ সম্পন্ন কৰা বাবে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগেত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। উল্লেখ্য় যে উক্ত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণৰ পূৰ্বে বিদ্যালয় কৰ্তৃপক্ষই দলটোক আদৰণি জনায়।

লগতে পঢ়ক:নিযুক্তিৰ ক্ষেত্ৰত প্ৰতিবন্ধী প্ৰাৰ্থীক প্ৰতাৰণা কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.