ETV Bharat / state

লংকাত ধোঁৱাচাঙত ক'ভিড প্ৰ'টক'ল

ৰাজ্যত ভয়াৱহভাৱে ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাত তৎপৰ হৈ পৰিছে প্ৰশাসন ৷ চৰকাৰে বান্ধি দিয়া নীতি-নিয়মৰ মাজেৰে চলিছে ৰাজ্য ৷ কিন্তু কোনো কোনো ঠাইত এতিয়া যেন এই ক’ভিড বিধিৰ উলংঘা হৈছে ৷

author img

By

Published : Jul 17, 2021, 3:07 PM IST

covid-protocol-broken-in-lanka
লংকাত ধোঁৱাচাঙত ক'ভিড প্ৰ'টক'ল

হোজাই, 17 জুলাই : বিগত 24 ঘণ্টাত ৰাজ্যত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে 1,782 গৰাকী লোক। এই সময়চোৱাত 1,27,490 টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয় । ক’ভিড পজিটিভিটিৰ হাৰ 1.40% হোৱাৰ বিপৰীতে বৰ্তমানলৈ সুস্থ হৈ উঠিছে 95.49% শতাংশ লোক ৷ ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ আংশিক লক ডাউন, সান্ধ্য আইন আদি জাৰি কৰাৰ সময়তে কোনো কোনো ঠাইত এই ক’ভিড নীতিক বুঢ়া আঙুলি দেখুওৱা পৰিলক্ষিত হৈছে ৷

লংকাৰ স্বাস্থ্যকেন্দ্ৰত ধোঁৱাচাঙত উঠিছে ক'ভিড প্ৰ'টক'ল । প্ৰতিষেধক ল’বলৈ যোৱা লোকৰ মুখত নাই মাস্ক । নাই সামাজিক দুৰত্ব । আনকি কৰ্তব্যৰত আৰক্ষীৰো এই বিষয়ৰ প্ৰতি নাই কোনো ভ্ৰুক্ষেপ ।

লংকাত ধোঁৱাচাঙত ক'ভিড প্ৰ'টক'ল

একাংশৰ এই অবৰ্ণনীয় কাৰ্যৰ পিছতে হোজাইত গণ সংক্ৰমণৰ আশংকা কৰিছে চিকিৎসকে । ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰালকৈ এনে বিধিক যেন এতিয়াও একাংশ লোকে চূড়ান্তভাৱে উলংঘা কৰি আহিছে । লংকাত দেখা গ’ল এনে এক দৃশ্য ।

হোজাই জিলাৰ লংকাৰ কাকী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ক'ভিড প্ৰতিষেধক প্ৰদানৰ নামত এনে ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱা দেখা গ’ল । স্বাস্থ্যকেন্দ্ৰটোত প্ৰতিষেধক ল’বলৈ অহা লোকসকলৰ মাজত নাই কোনো সামাজিক দুৰত্ব, নাই মুখত মাস্ক । প্ৰতিজন লোকে কেৱল নিজৰ নাম অন্তৰ্ভুক্ত কৰাক লৈ ব্যস্ত হৈ পৰা দেখা যায় ৷

ইপিনে এই বিষয়ৰ প্ৰতি কৰ্তব্যৰত আৰক্ষীৰো নাই কোনো ভ্ৰুক্ষেপ । এনে পৰিস্থিতিত গণ সংক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ব্যক্ত কৰিছে খোদ চিকিৎসালয়খনত কৰ্তব্যৰত চিকিৎসকগৰাকীয়ে । প্ৰশ্ন উঠিছে কেতিয়া সজাগ-সচেতন হ’ব জনসাধাৰণ ? চৰকাৰে বান্ধি দিয়া নীতি-নিয়মসমূহক গুৰুত্ব দিবনে চৰকাৰে ?

পৰিতাপৰ বিষয় যে ইমানৰ পিছতো গাত কথা লগা নাই লংকাবাসীৰ ৷ লংকাৰ ভয়াৱহ পৰিস্থিতি দেখি শংকিত হৈ পৰিছে সচেতন মহল ৷ ক’ভিড বিধি উলংঘা কৰাৰ বাবে এতিয়া গণ সংক্ৰমণৰ আশংকা কৰা হৈছে ৷

লগতে পঢ়ক: দুপালি ভেকচিনৰ পাচতো ৰে'লৱে ষ্টেচন আৰু বিমানবন্দৰত COVID TEST বাধ্যতামূলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.