ETV Bharat / state

Mobile phone gifted by CM Himanta: 25 হাজাৰেই নহয়, মামাই এটা মোবাইল ফোনো দিলে প্ৰিয়াক

হোজাইৰ প্ৰিয়া দাস নামৰ যুৱতীগৰাকীক এইবাৰ এটা মোবাইল ফোন উপহাৰ দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কিছুদিন পূৰ্বে 25 হাজাৰ টকাৰ এখন চেকো প্ৰদান কৰিছিল যুৱতীগৰাকীক ৷

CM Himanta Biswa Sarma
25 হাজাৰেই নহয়, মামাই এটা মোবাইল ফোনো দিলে প্ৰিয়াক
author img

By

Published : Jul 15, 2022, 10:50 PM IST

হোজাই, 15 জুলাই: পুনৰ কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । যোৱা সোমবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে উপস্থিত হৈছিল হোজাইত (CM Himanta Biswa Sarma in Hojai)৷ সেই সময়তে হোজাইৰ নওভঙাৰ বিশেষভাবে সক্ষম প্ৰিয়া দাসৰেও কথোপকথন হৈছিল মুখ্যমন্ত্ৰীগৰাকীৰ ।

প্ৰিয়া দাসক সাক্ষাতৰ পাচতে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰ্থিকভাৱে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তেওঁক ৷ প্ৰতিশ্ৰুতি অনুসৰিয়েই ড৹ শৰ্মাই পৰৱৰ্তী সময়ত জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কৰ জৰিয়তে ২৫ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰিছিল বিশেষভাৱে সক্ষম যুৱতীগৰাকীক (Himanta Biswa sarma gives cheque to Hojai girl) । মুখ্যমন্ত্ৰীগৰাকীৰ দ্বিতীয় প্ৰতিশ্ৰুতি আছিল এটা মোবাইল ফোন দিয়াৰ । মোবাইল ফোনটো লাভ কৰিলে মামা অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীলৈ ফোন কৰিব বুলিও মন্তব্য কৰিছিল প্ৰিয়া দাসে (Hojai girl Priya Das)।

25 হাজাৰেই নহয়, মামাই এটা মোবাইল ফোনো দিলে প্ৰিয়াক

অৱশেষত সেই প্ৰতিশ্ৰুতিও পূৰণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে । আজি হোজাইৰ বিধায়ক ৰাম কৃষ্ণ ঘোষে নিজ হাতেৰে প্ৰদান কৰিলে এটা এণ্ড্ৰইড ম’বাইল ফোন । প্ৰিয়া দাসৰ পঢ়া শুনা কৰাৰ মন থকাৰ কথা হোজাই বিধায়কগৰাকীক জনোৱাত বিধায়কগৰাকীয়ে শিক্ষা বিভাগৰ লগত আলোচনা কৰি ব্যৱস্থা গ্ৰহণৰো আশ্বাস প্ৰদান কৰে প্ৰিয়া দাসক ।

লগতে পঢ়ক: Vineet Bagaria suicide case: কিডনী বিক্ৰী কৰি বৈদুল্লা খানক টকা দিয়াৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.