হোজাই, 17 অক্টোবৰঃ ৰাজ্যত এতিয়াও সংঘটিত হৈ আছে বাল্য-বিবাহৰ ঘটনা ৷ বৃহস্পতিবাৰে বাল্য-বিবাহ সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে আন এগৰাকী কিশোৰী ৷ হোজাই জিলাত সংঘটিত হৈছে এই ঘটনা ৷
ঘটনা অনুসৰি, হোজাই জিলাৰ লংকাৰ লংকেশ্বৰী মন্দিৰত এখন বিয়াৰ যোজা চলি আছিল ৷ দৰা 25 বছৰীয়া বিপ্লৱ দাসে বিয়াৰ সকলো প্ৰস্তুতি তুংগত কৰি বিবাহমণ্ডপলৈ আহিছিল ৷ কিন্তু তেনেতে সেই স্থানত আহি উপস্থিত হয় হোজাইৰ চাইল্ড লাইনৰ বিষয়া কৰ্মচাৰী ৷ গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিতে চাইল্ড লাইনে উদ্ধাৰ কৰে কইনাৰূপী 15 বছৰীয়া এগৰাকী কিশোৰীক ৷
লগতে পঢ়কঃ চিৰাঙত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ
পৰৱৰ্তী সময়ত হোজাই আৰক্ষীক খবৰ দিয়ে চাইল্ড লাইনে ৷ চাইল্ড লাইনৰ তথ্যৰ ভিত্তিতে আৰক্ষীয়ে দৰা-কইনাক উদ্ধাৰ কৰি আৰক্ষী চকীলৈ লৈ আনে ৷ বৰ্তমানে লংকা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে যাৱতীয় পৰীক্ষাৰ অন্তত কিশোৰীগৰাকীক নগাঁও শিশু কল্যাণ সমিতিলৈ প্ৰেৰণ কৰে ৷