হোজাই, 7 জুলাইঃ হোজাই জিলাত পুনৰ পোহৰলৈ আহিল বাল্য বিবাহৰ ঘটনা ৷ তথ্য অনুসৰি লংকাৰ ভালুকমাৰীৰ পাণ্ডা বস্তিৰ এগৰাকী পোন্ধৰ বছৰীয়া কিশোৰীৰ দেওবাৰে বিবাহৰ দিন ধাৰ্য কৰা হৈছিল ৷
লংকা আৰক্ষী আৰু চাইল্ড লাইনৰ তৎপৰতাত বিবাহৰ পূৰ্বেই উদ্ধাৰ কৰে ১৫ বছৰীয়া কিশোৰী গৰাকীক ৷ পিছত চাইল্ড লাইনে কিশোৰী গৰাকীক উদ্ধাৰ কৰি লংকা আৰক্ষী থানালৈ লৈ আহে আৰু উদ্ধাৰকৃত কিশোৰী গৰাকীক চাইল্ড লাইনে নগাঁৱলৈ প্ৰেৰণ কৰে ৷
আৰু পঢ়কঃ ধুবুৰী আদালত চৌহদত চাঞ্চল্যকৰ ঘটনাঃ ৰক্তাক্ত অৱস্থাত উদ্ধাৰ এজন লোক