হোজাই, 24 মে': হোজাই জিলাৰ লংকাৰ পৰশুৰাম মজুমদাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত সোমবাৰে মুকলি কৰা হয় আদৰ্শ ক'ভিড প্ৰতিষেধক প্ৰদান শিবিৰ। লংকাৰ ঔম প্ৰকাশ প্ৰমিলাদেৱী সোঁৱৰণী দাতব্য ন্যাসৰ সৌজন্য আৰু লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত মুকলি কৰা আদৰ্শ ক'ভিড প্ৰতিষেধক প্ৰদান শিবিৰটো মুকলি কৰে হোজাই জিলা উপায়ুক্ত ড° সদনেক সিঙে । উপায়ুক্ত গৰাকীয়ে আদৰ্শ ক'ভিড প্ৰতিষেধক শিবিৰটোত উপস্থিত হৈ সামগ্ৰীক পৰিৱেশ নিৰীক্ষণ কৰে ৷
নিৰীক্ষণৰ অন্তত জিলা উপায়ুক্ত গৰাকীয়ে ঔম প্ৰকাশ প্ৰমিলাদেৱী সোঁৱৰণী দাতব্য ন্যাসৰ অধ্যক্ষ গৰাকীক ৰাইজৰ হকে আগবাঢ়ি আহি শিবিৰটো মুকলি কৰাৰ বাবে শলাগ লয় ৷ লগতে উপায়ুক্ত গৰাকীয়ে অসমৰ ভিতৰত এইটোৱে সৰ্বপ্ৰথম আদৰ্শ ক'ভিড প্ৰতিষেধক প্ৰদান শিবিৰ বুলি ঘোষণা কৰে । বৰ্তমানলৈকে হোজাই জিলাত 1 লাখতকৈ অধিক লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।
লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ বিবৃতিযোগে প্ৰতিক্ৰিয়া অখিল গগৈৰ