হোজাই, 31 মাৰ্চঃ দেওবাৰে হোজাইৰ কেন্দ্ৰগুৰি গাঁৱত সংঘটিত এটা চাঞ্চল্যকৰ ঘটনাই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য ৷এইবাৰ পিতৃৰ চকুৰ সমুখতে কামনাৰ বলি হ'ল এগৰাকী 6 বছৰীয়া মূকবধিৰ শিশু ৷ পাশৱিকতাৰ সীমা চেৰাই যোৱা হোজাইৰ এক শিহৰণকাৰী ঘটনা ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে পুৱা সেই গাঁৱলৈ আগমন ঘটিছিল কামপুৰৰ ভূপেন হীৰা নামৰ যুৱকজনৰ।
সেইমতে শিশুটিৰ পিতৃৰ সৈতে ভূপেনৰ পথতে চিনাকি হোৱাতভূপেনক ঘৰলৈ লৈ যায়। ইয়াৰ পিচত দুয়োজনে ঘৰতে মদ্যপান কৰে। মদ্যপানৰ পিচতে ভূপেনে পিতৃৰ সম্মুখতে তেওঁৰ 6 বছৰীয়া মূকবধিৰ কন্যাক ধৰ্ষণ কৰে। পৰৱৰ্তী সময়ত ভূপেনক স্থানীয় ৰাইজৰ সহযোগত আটক কৰি আৰক্ষীক গটাই দিয়াৰলগতেশিশুটিৰপিতৃকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷