ETV Bharat / bharat

জীৱন সংগী নিৰ্বাচনৰ বাবে গুপ্তচৰ নিয়োগ; ভাৰতীয়ৰ মাজত বৃদ্ধি পাইছে 'ৱেডিং ডিটেকটিভ'ৰ প্ৰৱণতা - WEDDING DETECTIVES

'ৱেডিং ডিটেকটিভ' নিয়োগ কৰাটো বৰ্তমান এক ক্ৰমবৰ্ধমান উদ্যোগলৈ ৰূপান্তৰিত হৈছে । ইয়াৰ বাবে 100 আমেৰিকান ডলাৰৰ পৰা 2,000 লৈকে ব্যয় হয় ।

Wedding Detectives
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By AFP

Published : 5 hours ago

নতুন দিল্লী : দৰা-কইনাৰ বাবে গুপ্তচৰ নিয়োগ ! শুনিবলৈ নিশ্চয় আচহুৱা লাগিছে । দৰা-কইনা নিৰ্বাচনৰ ক্ষেত্ৰত আকৌ গুপ্তচৰৰ প্ৰয়োজনীয়া ক'ৰ পৰা আহিল । এই কথাও নিশ্চয় মনলৈ আহিব পাৰে । কিন্তু এতিয়া বিষয়টোৱে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে । লগতে ই এক ক্ৰমবৰ্ধমান উদ্যোগলৈও ৰূপান্তৰিত হৈছে ।

নতুন দিল্লীৰ এটা মলৰ এটা বেনামী কাৰ্যালয়ৰ পৰা এই বৈবাহিক চোৰাংচোৱা বা 'ৱেডিং ডিকেটটিভ' পৰিচালনা কৰি আছে ভাৱনা পালিৱাল নামৰ এগৰাকী ব্যক্তিয়ে । সম্ভাৱ্য জীৱন সংগী নিৰ্বাচনৰ ক্ষক্ষেত্ৰত তেওঁ একপ্ৰকাৰ ৰাজত্ব চলাই আছে । লগতে ইয়াক ভাৰতৰ এক উদীয়মান উদ্যোগলৈ ৰূপান্তৰ কৰিছে, য'ত যুৱ প্ৰজন্মই দৰা-কইনা চাই বিয়া কৰোৱাতকৈ প্ৰেমৰ বান্ধোনকহে দ্ৰুততাৰে বাছনি কৰি আছে ।

দুটা পৰিয়ালে সতৰ্কতাৰে জীৱন সংগী বাছনি কৰাৰ যি পৰম্পৰা সেয়া এতিয়াও যথেষ্ট জনপ্ৰিয় হৈ আছে । কিন্তু যিখন দেশত সামাজিক ৰীতি-নীতি দ্ৰুতগতিত সলনি হৈ আছে, তাত অধিকসংখ্যক যুটিয়ে তেওঁলোকৰ বাবে নিজা পছন্দৰ জীৱন সংগী বাছনি কৰাত অগ্ৰাধিকাৰ দি আছে ।

সেয়েহে যেতিয়া প্ৰেমিক-প্ৰেমিকাই বিয়াত বহিবলৈ মন মেলে, তেতিয়া কিছুমান পৰিয়ালৰ বাবে প্ৰথম পদক্ষেপ হিচাপে পুৰোহিত বা বিয়াৰ অভ্যৰ্থনাৰ পৰিকল্পনাকাৰীক নিয়োগ কৰাটো নহয়, ইয়াৰ বিপৰীতে সম্ভাৱ্য জীৱন সঙ্গীৰ অনুসন্ধানৰ বাবে উচ্চ প্ৰযুক্তিৰে সু-সজ্জিত পালিৱালৰ দৰে এজন গুপ্তচৰ নিয়োগ কৰাটোৱেহে অগ্ৰাধিকাৰ লাভ কৰে ।

নতুন দিল্লীত এটা কাৰ্যালয়ত কৰ্মৰত এগৰাকী মহিলা শীলাই কয় যে যেতিয়া তেওঁৰ কন্যাই নিজৰ প্ৰেমিকৰ সৈতে বিয়াত বহাৰ কথা ঘোষণা কৰে, তেতিয়া তেওঁ লগে লগে পালিৱালক নিযুক্ত কৰে । "মোৰ বিয়াৰ অতি বেয়া অভিজ্ঞতা আছিল ।" শীলাই কয় । অৱশ্যে তেওঁৰ নামটো সলনি কৰি উল্লেখ কৰে যাতে তেওঁৰ কন্যাৰ সন্দেহ নহয় যে তেওঁৰ মাতৃয়ে সম্ভাৱ্য জীৱন সংগীৰ ওপৰত চোৰাংচোৱাগিৰি কৰি আছে । "যেতিয়া মোৰ কন্যাই কৈছিল যে তেওঁ প্ৰেমৰ সম্পৰ্কত আছে, তেতিয়া মই তেওঁক সমৰ্থন কৰিব বিচাৰিছিলোঁ । কিন্তু সেয়া সঠিক পৰীক্ষা অবিহনে নহয় ।"

দুই দশকতকৈও অধিক পূৰ্বে তেজস ডিটেকটিভ এজেন্সী প্ৰতিষ্ঠা কৰা ৪৮ বছৰীয়া পালিৱালে কয় যে ব্যৱসায় বৰ্তমান পূৰ্বতকৈ ভাল । তেওঁৰ দলটোৱে মাহিলি প্ৰায় আঠটাকৈ এনে বিষয়ৰ ওপৰত তদন্ত কৰে । তেওঁৰ এটা শেহতীয়া ঘটনাৰ কথা উল্লেখ কৰি কয় যে এগৰাকী যুৱতীয়ে তেওঁৰ হ'বলগীয়া স্বামীৰ ওপৰত পৰীক্ষা কৰিবলৈ তেওঁৰ এজেন্সীলৈ আহে । তাত পালিৱালৰ দলটোৱে ব্যক্তিগৰাকীৰ দৰমহাৰ বিসংগতি আৱিষ্কাৰ কৰে ।

"মানুহজনে কৈছিল যে তেওঁ বছৰি প্ৰায় ৭০,৭০০ ডলাৰ উপাৰ্জন কৰে । কিন্তু আমি গম পাওঁ যে তেওঁ ৭,০৭০ ডলাৰ উপাৰ্জন কৰে ।" পালিৱালে কয় ।

সমাজৰ বাবে সেৱা

এইটো হৈছে এক গোপনীয় কাম । পালিৱালৰ কাৰ্যালয়টো চহৰখনৰ এটা মলৰ ভিতৰত লুকাই আছে । আনহাতে, কাৰ্যালয়টোৰ বাহিৰত এখন নামফলক আছে আৰু তাত লিখা আছে যে কাৰ্যালয়টোত এজন জ্যোতিষী আছে । তাত সেৱা আগবঢ়োৱা পৰিয়ালবোৰক প্ৰায়ে বিবাহৰ শুভ তাৰিখৰ ভৱিষ্যদ্বাণী কৰা হয় । "কেতিয়াবা কেতিয়াবা মোৰ গ্ৰাহকসকলেও এইটো নিবিচাৰে যে মানুহে জানক তেওঁলোকে এজন চোৰাংচোৱাক লগ কৰিবলৈ আহিছে ।" তেওঁ হাঁহি হাঁহি কয় ।

গুপ্তচৰ নিয়োগৰ বাবে কিমান খৰচ কৰিবলগা হয়

কিমান পৰিমাণৰ নিৰীক্ষণৰ প্ৰয়োজন তাৰ ওপৰত নিৰ্ভৰ কৰি এজন গুপ্তচৰ নিয়োগ কৰাৰ বাবে 100 মাৰ্কিন ডলাৰৰ পৰা 2,000 মাৰ্কিন ডলাৰলৈকে ব্যয় হ'ব পাৰে । অৱশ্যে এইটো এটা পৰিয়ালে এখন বিয়াৰ বাবে যিমান খৰচ কৰে তাৰ তুলনাত এক সৰু বিনিয়োগ বুলিও তেওঁ উল্লেখ কৰে । এইটো কেৱল চিন্তিত পিতৃ-মাতৃয়ে নহয় যে ।িসকলে তেওঁলোকৰ হ'বলগীয়া জোঁৱাই বা বোৱাৰীক অনুসন্ধান কৰিবলৈ চেষ্টা কৰি আছে ।

কিছুমানে তেওঁলোকৰ ভৱিষ্যতৰ পতি-পত্নীৰ পৰিয়ালৰ পটভূমি পৰীক্ষা কৰিব বিচাৰে বা বিবাহৰ পিছত সন্দেহজনক কিবা সম্পৰ্ক থাকিব নেকি সেইটো নিশ্চিত কৰিব বিচাৰে । "এইটো সমাজৰ বাবে এক সেৱা ।" ৫১ বছৰীয়া চোৰাংচোৱা সঞ্জয় সিঙে এইকথা উল্লেখ কৰি কয় যে তেওঁৰ সংস্থাটোৱে কেৱল চলিত বছৰেই শতাধিক প্ৰাক-বৈবাহিক অনুসন্ধান কৰিছে ।

ব্যক্তিগত গুপ্তচৰ আকৃতি খাত্ৰীয়ে কয় যে তেওঁৰ ভেনাছ ডিটেকটিভ এজেন্সীত প্ৰায় এক চতুৰ্থাংশ ঘটনা বিবাহৰ পূৰ্বৰ পৰীক্ষা আছিল । তেওঁ এটা উদাহৰণ দাঙি ধৰি কয়, "এনে কিছুমান লোক আছে যিয়ে জানিব বিচাৰে যে দৰাজন সমকামী নেকি ।"

দুটা সম্পূৰ্ণ পৰিয়ালক একেলগে বান্ধি ৰখাৰ ব্যৱস্থা কৰা দৰা-কইনা চাই বিয়া কৰোৱা পদ্ধতিটো যুটিটোৰ মাজত কথা-বতৰা আৰম্ভ হোৱাৰ পূৰ্বে কেইবা প্ৰকাৰৰ পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন । ইয়াত অন্তৰ্ভুক্ত আছে আৰ্থিক অৱস্থাৰ অনুসন্ধান আৰু তাতোকৈ গুৰুত্বপূৰ্ণভাৱে ভাৰতৰ সহস্ৰাব্দ পুৰণি জাতিগত শ্ৰেণী বিন্যাসত তেওঁলোকৰ স্থিতি কি । অৰ্থাৎ কোন জাতিৰ অন্তৰ্ভুক্ত । কঠোৰ জাতিগত বা ধৰ্মীয় বিভাজন ভংগ কৰাটো বিবাহৰ মাৰাত্মক প্ৰতিক্ৰিয়া হ'ব পাৰে । যাৰ ফলত কেতিয়াবা তথাকথিত সন্মান লাঘৱ হ'ব পাৰে ।

অতীজত এনে বিবাহপূৰ্ব পৰীক্ষা প্ৰায়ে পৰিয়ালৰ সদস্য, পুৰোহিত বা পেছাদাৰী ঘটকসকলৰ দ্বাৰা কৰা হৈছিল । কিন্তু বৃহৎ মহানগৰবোৰত দ্ৰুতগতিত বৃদ্ধি পোৱা নগৰীকৰণে সামাজিক নেটৱৰ্কক জোকাৰি গৈছে । যাৰ বাবে বিবাহৰ প্ৰস্তাৱবোৰ পৰীক্ষা কৰাৰ পৰম্পৰাগত উপায়বোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । বৰ্তমান বিবাহ ব্যৱস্থা মেচমেকিং ৱেবছাইট বা আনকি ডেটিং এপৰ জৰিয়তেও অনলাইনত উপলব্ধ । সিঙে লগতে কয়, "বিবাহৰ প্ৰস্তাৱ টেণ্ডাৰতো আহে ।"

মিছাৰ ভিত্তিত সম্পৰ্ক নিটিকে

এই কামটো অতি প্ৰত্যাহ্বানপূৰ্ণও । আধুনিক এপাৰ্টমেণ্ট ব্লকবোৰত সুৰক্ষা ব্যৱস্থাৰ বিভিন্ন স্তৰ থাকে । ইয়াৰ অৰ্থ হৈছে এজন এজেণ্টৰ বাবে পুৰণি ব্যৱস্থাৰ ঘৰবোৰতকৈ বৰ্তমানৰ ঘৰ এটাত প্ৰৱেশ কৰাটো প্ৰায়ে বহুত কঠিন ।

সিঙে কয় যে চোৰাংচোৱাসকলে নিজৰ মনেসজা কাহিনী উপস্থাপন কৰিবলৈ নিজৰ আকৰ্ষণীয়তাৰ ওপৰত নিৰ্ভৰ কৰিবলগা হয় । তেওঁ কয় যে তেওঁৰ দলবোৰে 'আইনী আৰু অবৈধ'ৰ মাজত এক ধূসৰ অঞ্চলত খোজকাঢ়ে ।

কিন্তু তেওঁ এইকথা জোৰ দি কয় যে তেওঁৰ এজেণ্টসকলে আইনৰ প্ৰকৃত পক্ষত কাম কৰে । তেওঁ নিজৰ দলবোৰক 'কোনো অনৈতিক কাম' নকৰিবলৈ আদেশ দিয়ে । লগতে তেওঁ কয় যে অনুসন্ধানৰ অৰ্থ কেতিয়াবা 'কাৰোবাৰ জীৱন ধ্বংস হৈ গৈ থকা'ৰ দৰেও হ'ব পাৰে ।

চোৰাংচোৱাসকলৰ পক্ষত প্ৰযুক্তি আছে

খাত্ৰীয়ে তেওঁৰ এজেণ্টসকলৰ বাবে পোনপটীয়াকৈ অনলাইন ৰেকৰ্ড আপলোড কৰিবলৈ এটা এপ সৃষ্টি কৰিবলৈ বিকশিত প্ৰযুক্তিক ব্যৱহাৰ কৰিছে । ইয়াৰ দ্বাৰা এজেণ্টৰ ফোনত একোৱে ৰাখিব দিয়া নহয়, যাতে যদি তেওঁলোক ধৰা পৰে তেন্তে সুৰক্ষিত থাকে । তেওঁ কয়, "এইটো আমাৰ দলৰ বাবে অধিক সুৰক্ষিত ।" তেওঁ লগতে কয়, "ইয়াৰ দ্বাৰা তেওঁলোকক কম সময় আৰু ব্যয়ত দ্ৰুত ফলাফল লাভ কৰাত সহায় কৰে ।" নিৰীক্ষণ সঁজুলিবোৰ মাত্ৰ কেইডলাৰমান মূল্যৰ পৰা আৰম্ভ হয় আৰু ই সহজে উপলব্ধ ।

সেইবোৰৰ ভিতৰত আছে দৈনন্দিন ব্যৱহৃত সামগ্ৰী যেনে মহ প্ৰতিৰোধক চকেট ডিভাইচত লুকাই থকা অডিঅ' আৰু ভিডিঅ' ৰেকৰ্ডিং সঁজুলি, অধিক অত্যাধুনিক চুম্বকীয় জি পি এছ কাৰ ট্ৰেকাৰ বা ক্ষুদ্ৰ পৰিধানযোগ্য কেমেৰা । পালিৱালে কয় যে প্ৰযুক্তিৰ বৃদ্ধিয়ে সম্পৰ্কৰ ওপৰত চাপ পেলাইছে । "আমি যিমানে উচ্চ প্ৰযুক্তিৰ হ'ম, সিমানেই আমাৰ জীৱনত সমস্যা হ'ব ।" তেওঁ লগতে কয় ।

কিন্তু তেওঁ এই কথাটো জোৰ দিয়ে যে প্ৰৱঞ্চকক উন্মোচিত কৰাৰ বাবে প্ৰযুক্তি বা চোৰাংচোৱাসকলক দোষ দিব নালাগে । তেওঁ কয়, "এনে সম্পৰ্ক কোনো কাৰণতে স্থায়ী নহয় । মিছা কথাৰ ওপৰত ভিত্তি কৰি কোনো সম্পৰ্কয়ে বৰ্তী থাকিব নোৱাৰে ।"

(শিৰোনামৰ বাহিৰে এই বিষয়টো ইটিভি ভাৰতৰ দ্বাৰা সম্পাদনা কৰা হোৱা নাই আৰু এক চিণ্ডিকেটেড ফীডৰ পৰা প্ৰকাশ কৰা হৈছে ।)

লগতে পঢ়ক :ৰোজগাৰ মেলা: আজি ৭১ হাজাৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰীয়ে - ROZGAR MELA
লগতে পঢ়ক :প্ৰধানমন্ত্ৰী মোদীক কুৱেইটৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান - KUWAIT HIGHEST CIVILIAN AWARD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.