ETV Bharat / state

Lat mandal arrested: হাতে-লোটে ধৰা পৰিল দৰমহাৰ টকাৰে পেট নভৰা ডবকাৰ এজন লাট মণ্ডল

মুখ্যমন্ত্ৰীৰ ৰঙা চকুলৈকো কেৰেপ নকৰি অৰ্থলোভী চৰিত্ৰ বৰ্তাই ৰাখি দুৰ্নীতি অব্যাহত ৰাখিছে ৰাজ্যৰ এচাম ঘোচখোৰ কৰ্মচাৰীয়ে ৷ শনিবাৰে ঘোচ ল’বলৈ গৈ হাতে-লোটে ধৰা পৰিল ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এগৰাকী লাট মণ্ডল (Arrested lat mandal of Doboka revenue circle) ৷ জানো আহক ঘটনাৰ সবিশেষ ৷

lat-mandal-arrested-of-corruption-allegation
হাতে-লোটে ধৰা পৰিল দৰমহাৰ টকাৰে পেট নভৰা ডবকাৰ এজন লাট মণ্ডল
author img

By

Published : Jan 29, 2022, 9:33 PM IST

হোজাই , 29 জানুৱাৰী : চৰকাৰী কাৰ্যালয় সমূহত চলি থকা দুৰ্নীতি ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ কঠোৰ হৈছে যদিও এতিয়াও এচাম চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে চৰকাৰৰ এই পদক্ষেপক ভ্ৰক্ষেপ কৰি অনায়াসে চলাই গৈছে দুৰ্নীতি । শেহতীয়াকৈ এনে এক দৃশ্য দেখিবলৈ পোৱা গৈছে হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰত ৷ ডবকা ৰাজহ বিষয়াৰ কাৰ্য্যালয়ত আব্দুল মতিন নামৰ এজন লাট মণ্ডলে টেবুলৰ তলেৰে ঘোচ লোৱাৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে (Doboka Revenue Circle Office corruption) ।

হাতে-লোটে ধৰা পৰিল দৰমহাৰ টকাৰে পেট নভৰা ডবকাৰ এজন লাট মণ্ডল

প্ৰাপ্য তথ্য অনুসৰি, ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত বহুদিন ধৰি সাধাৰণ লোকক বিভিন্ন কাম কাজৰ বিনিময়ত একাংশ কৰ্মচাৰীয়ে উৎকোচ বিচৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ উৎকোচ অবিহনে সাধাৰণ লোকক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপিত হৈছিল ৷ শনিবাৰে সংবাদ মাধ্যমৰ হাতত আহি পৰা ভিডিঅ’ ক্লিপটোৱে পূৰ্বতে উত্থাপিত হৈ অহা সকলো অভিযোগ সত্য বুলি প্ৰমাণিত কৰিলে (Viral video of Doboka Revenue Circle Office corruption) । পিছে এই ভিডিঅ’টো কোনে কেতিয়া সংগ্ৰহ কৰিছে সেইয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷

জানিব পৰা মতে, আব্দুল মতিন নামৰ লাট মণ্ডলজন পূৱ বান্দৰমেলা গাঁৱৰ লাটত কৰ্মৰত ৷ ইফালে এই ঘোচ লোৱা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই ডবকাত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইতিমধ্যে উৎকোচ লোৱা ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতেই আৰক্ষীয়ে আটক কৰে আব্দুল মতিন নামৰ লাট মণ্ডলজনক (Arrested lat mandal of Doboka revenue circle)।

এতিয়া প্ৰশ্ন হয়, মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰা লাট মণ্ডলে কিদৰে নিজ কাৰ্য্যালয়তে মুকলিকৈ ঘোচ লৈছে ? ইয়াৰ পাছত চৰকাৰে এই কৰ্মচাৰী জনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : Drug Peddler Arrested at Baihata: দুই ড্ৰাগছ বেপাৰীৰ মাজত তয়াময়া ৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.