হোজাই, 21 মাৰ্চ : হোজাইৰ দেৱস্থানত পিস্তল আৰু গুলীসহ দুজন লোক গ্ৰেপ্তাৰ । ধৃত লোকদুজনৰ পৰা এটা নাইন এমএম পিস্তল আৰু ৬ জাঁই সজীৱ গুলী জব্দ কৰে আৰক্ষীয়ে ।
ঘটনা অনুসৰি, গোপন সূত্ৰৰ পম খেদি মোৰাঝাৰ দেৱস্থান আৰক্ষীয়ে শনিবাৰে অভিযান চলাই এইদৰে অবৈধ অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে ৰকিব আলী আৰু খাইৰুল ইছলাম নামৰ লোক দুজনক । ধৃত ৰকিব আলীৰ ঘৰ গণিয়াৰপাৰ আৰু খাইৰুল ইছলামৰ ঘৰ উত্তৰ নোৱাবিল গাঁৱত বুলি জানিব পৰা গৈছে ।
আনহাতে আৰক্ষীৰ অভিযানত আন এজন অস্ত্ৰ সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় ৷ আটকাধীন দুয়োজন অভিযুক্তকে আৰক্ষীয়ে সোধা পোচা অব্যাহত ৰাখিছে ।