ETV Bharat / state

হোজাইত মুখ্যমন্ত্ৰী সোণোৱালক তুলাধূনা লুৰিণৰ - ‘জয় আই অসম

হোজাই জিলাৰ নীলবাগানস্থিত মোবাৰক বস্তি কাবাডী ফিল্ডত অসম জাতীয় পৰিষদৰ বিশাল জন জাগৰণ সভা । মুখ্যমন্ত্ৰী সোণোৱালে ‘জয় আই অসম’ কবলৈ পাহৰি পেলাইছে । মুখ্যমন্ত্ৰী সোণোৱালৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন লুৰিণৰ ।

হোজাইত লুৰিণৰ তুলাধূনা মুখ্যমন্ত্ৰী সোণোৱালক

author img

By

Published : Feb 25, 2021, 1:44 PM IST

হোজাই,২৫ ফেব্ৰুৱাৰী: বুধবাৰে হোজাই জিলাৰ নীলবাগানস্থিত মোবাৰক বস্তি কাবাডী ফিল্ডত অসম জাতীয় পৰিষদৰ এক জন জাগৰণ সভা অনুষ্ঠিত হয় ৷ বিশাল জন জাগৰণ সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তুলাধূনা । মুখ্যমন্ত্ৰী সোণোৱালে ‘জয় আই অসম’ কবলৈ পাহৰি পেলাইছে বুলি লুৰিণজ্যোতি গগৈৰ সমালোচনা ৷ ‘বিজেপি চৰকাৰখনে অসমৰ সৰ্বসাধাৰণ ৰাইজক অন্ধকাৰৰ দিশলৈ ঠেলি দিছে । এই চৰকাৰ জনগণৰ তেজ শুহি খোৱা এখন চৰকাৰ । কেৱল পুঁজিপতিক পূজা-অৰ্চনা কৰাৰহে চৰকাৰ এইখন । ‘কা’ আন্দোলনৰ সময়ত পাঁচগৰাকীকৈ যুৱকক শূন্য দুৰত্বৰ পৰা গুলীয়াই হত্যা কৰা চৰকাৰখনে আৰক্ষীৰ বিৰুদ্ধে কোনো তদন্ত নকৰিলে । আনকি তেওঁলোকক শ্বহীদ বুলি ক’বলৈও মুখ্যমন্ত্ৰীয়ে সাহস নকৰিলে । এতিয়া নিৰ্বাচনৰ আগে আগে ভোটৰ অংকৰ স্বাৰ্থতহে পুনৰ জয় আই অসম ক’বলৈ আৰম্ভ কৰিছে বুলি ক্ষুৰধাৰ সমালোচনা লুৰিণজ্যোতি গগৈৰ ।

হোজাইত মুখ্যমন্ত্ৰী সোণোৱালক তুলাধূনা লুৰিণৰ

বিজেপি চৰকাৰে ছিণ্ডিকেটৰাজৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিলে । চৰকাৰ গঠন হ'লে অসম জাতীয় পৰিষদে কাম কৰি দেখুৱাব বুলি দৃঢ় সংকল্প লুৰিণৰ । মুখ্যমন্ত্ৰী সোণোৱালে ছিণ্ডিকেটৰ লগত জড়িত সকলোকে কৰায়ত্ত কৰি দেখুৱাবলৈ প্ৰত্যাহ্বান লুৰিণৰ । এপিএছচি কেলেংকাৰীত কেৱল ৰাকেশ পালক গ্ৰেপ্তাৰ কৰিয়েই বিজেপি চৰকাৰখনে দুৰ্নীতি বিৰোধী অভিযান সমাপ্ত কৰিলে বুলি অভিযোগ লুৰিণৰ । ইফালে, হিতাধিকাৰী সৃষ্টিৰে বিজেপি চৰকাৰখনে চমক সৃষ্টি কৰাৰ ক্ষেত্ৰত কটাক্ষ কৰি কয় যে ৪৪ হাজাৰ কোটি টকাৰ ধাৰ অসমৰ মানুহৰ মূৰত আছে । অসমখনক ভিক্ষাৰী অসম সজালে, তাৰ বাবে জগৰীয়া এই বিজেপি চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল । ২০২১ ৰ নিৰ্বাচনত অসম জাতীয় পৰিষদক চৰকাৰ গঠন কৰিবলৈ ৰাইজক আহ্বান লুৰিণৰ । আনহাতে, বিজেপিৰ আধাৰশিলা ৰাজনীতি কংগ্ৰেছতকৈও বহুত বেছি । গতিকে ইয়াৰ উত্তৰ ৰাইজে দিব লাগিব। জনতাইহে ইয়াৰ পৰিবৰ্তন কৰিব পাৰিব । জনতাৰ ক্ষমতা আৰু শক্তিৰ ওপৰতহে অসম জাতীয় পৰিষদ বিশ্বাসী বুলি মন্তব্য লুৰিণৰ ।

লগতে পঢ়ক:চিকিৎসা ব্যৱসায় নহয়, এয়া এক সেৱাহে: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.