হোজাই,16 জুন: হোজাইৰ লামডিং-ডিফু সংযোগী পথত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা । জিলাখনৰ লামডিং-ডিফু সংযোগী পথত ৰে’লযোগে বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীক কোৱাৰেণ্টাইন কেন্দ্ৰত থৈ উভোটাৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা মাৰি দুৰ্ঘটনাৰ সন্মুখীন হয় এএচ 09 এচি 8033 নম্বৰৰ আল্ট্ৰা বাছখন ৷ দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে বাছৰ চালক আৰু হেণ্ডিমেনৰ । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত চালক-হেণ্ডিমেনক সম্প্ৰতি লামডিং আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ডিফু অসামৰিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে ।
লগতে চাওকঃ বিদ্যায়তনিক অভাৱ পূৰণৰ বাবে স্মাৰকপত্ৰ প্ৰদান কলিয়াবৰ আছুৰ