হোজাই, 22 মাৰ্চ: শিক্ষকতাৰ সমান্তৰালকৈ কৃষিকৰ্ম কৰি সমাজত এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে হোজাই জিলাৰ কাষৰীয়া পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীৰ নিৰ্বাসী শিক্ষক ৰত্নেশ্বৰ মাৰাকে (Teacher engaged in cultivation)৷ সৰুৰে পৰা কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী ৰত্নেশ্বৰ মাৰাকে পুৱা নিজ বিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰাৰ লগতে দিনটো বিদ্যালয়ত নিজৰ দায়িত্ব পালন কৰি ঘূৰি আহি সময় অতিবাহিত কৰে কৃষিকৰ্মত ।
ইতিমধ্যে শিক্ষক ৰত্নেশ্বৰ মাৰাকে নিজৰ মাটিত ৰূপণ কৰিছে বিভিন্ন জাতৰ উন্নত মানৰ ফল-মূলৰ পুলি । এক বিঘা মাটিত লগাইছে বহিঃৰাজ্যৰ পৰা সংগ্ৰহ কৰা কাশ্মীৰী আপেল বগৰীৰ পুলি (Red Kashmiri apple ber cultivation in Assam) । প্ৰথম অৱস্থাত প্ৰায় ৭০ হাজাৰ টকা বিনিয়োগ কৰি বৰ্তমান উপাৰ্জন কৰিছে হাজাৰ হাজাৰ টকা (Self-reliant in farming) । ঘৰৰ পৰাই বিলাতী বগৰী নিবলৈ স্থানীয় ব্যৱসায়ীসকল আহে বুলি মন্তব্য প্ৰকাশ কৰিছে ৰত্নেশ্বৰ মাৰাকে ।
বিলাতী বগৰীৰ লগতে উন্নত মানৰ তামোল, মধুৰি আম আদি বিভিন্ন জাতৰ ফলমূলৰ গছ লগাই বৰ্তমান অঞ্চলটোত শিক্ষকতাৰ লগতে এক আদৰ্শ খেতিয়কৰূপে প্ৰশংসা বুটলিবলৈও সক্ষম হৈছে ৰত্নেশ্বৰ মাৰাক । বৰ্তমান অঞ্চলটোৰ নৱ-প্ৰজন্মৰ বাবে এগৰাকী আদৰ্শ ব্যক্তি হিচাপে পৰিগণিত হৈছে ৰত্নেশ্বৰ মাৰাক । নৱ-প্ৰজন্মৰ এইসকল যুৱক যুৱতীৰ প্ৰতি ৰত্নেশ্বৰৰ আহ্বান, ঘৰতেই এনেই বহি থকাতকৈ সকলো হওক কৰ্ম সংস্থাপনমুখী । প্ৰয়োজন হ’লে নৱপ্ৰজন্মক সহায় কৰাৰো প্ৰতিশ্ৰুতি দিছে শিক্ষক ৰত্নেশ্বৰ মাৰাকে ।