হোজাই, 23 নৱেম্বৰ: হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত নখুটি চাৰ্থেগাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়াল ৷ দুটি সন্তানৰ পিতৃ আব্দিল হুছেইন নামৰ যুৱকজনে বিগত ৯ বছৰে পূৰ্বে কৰ্মৰ সন্ধানত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ কয়লা খনিত শ্ৰমিকৰূপে কৰ্মৰত হৈছিল ৷ কিন্তু নিষ্ঠুৰ নিয়তিৰ হাতোৰাত পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজন দুৰ্ঘটনাত পতিত হৈ গুৰুতৰ বাবে আহত হয় । দুৰ্ঘটনাটোত আব্দিল হুছেইনৰ কঁকালৰ হাড়ৰ লগতে দুখন ভৰি ভাঙি যায় । প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে মাটি বাৰী বিক্ৰী কৰি চিকিৎসা কৰাইছিল যদিও সেয়া সম্পূৰ্ণ নহ’ল ৷
বৰ্তমান ধনৰ অভাৱত চিকিৎসা কৰিব পৰা নাই ৷ আনহাতে আব্দিল হুছেইনৰ পত্নীয়ে দুই সন্তানক বুকুত সাঁৱটি হিয়া ঢাকুৰি কান্দিছে । দুৰ্ভগীয়া পৰিয়ালটোৱে চৰকাৰ তথা কোনো হৃদয়বান লোকৰ পৰা সহায় বিচাৰিছে ৷ ইচ্ছুক ব্যক্তিয়ে আব্দিল হোছেইনৰ বেংক একাউণ্ট নং-35970248541, আৰু IFSC CODE- SBIN0008406 ত আগবঢ়াব পাৰিব সাহাৰ্য ৷
লগতে পঢ়ক: দিনত ছাত্ৰ সংগঠন,নিশা ডকাইটিঃ ধেমাজিত 5 জনক গ্ৰেপ্তাৰ