হোজাই, 2 আগষ্ট : হোজাইত সংঘটিত হৈছে নাবালিকা উদ্ধাৰৰ ঘটনা ৷ শনিবাৰে হোজাইৰ অন্তৰ্গত নীলবাগানৰ কেইজনমান সচেতন যুৱক তথা মোৰাঝাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে এগৰাকী নাবালিকাক ৷ তথ্য অনুসৰি, নখুটি চাৰ্কেগাঁৱৰ এজন যুৱকে বিয়াৰ প্ৰলোভনেৰে ফোনযোগে ফুচুলাই মাতি আনিছিল নীলবাগানৰ নাবালিকাগৰাকীক ৷ সেয়ে ঈদৰ দিনা নিশা গছৰ তলত যুৱকজনৰ বাবে ৰৈ আছিল নাবালিকাগৰাকী ৷
লগতে পঢ়কঃ কলিকতাত জব্দ বৃহৎ পৰিমাণৰ চেনিটাইজাৰ: ধৃত দুই
ৰহস্যজনকভাৱে গছৰ তলত ঘূৰি থকাৰ সময়তে নাবালিকাগৰাকীক নীলবাগানৰ কেইজন মান সচেতন যুৱক আৰু আৰক্ষীয়ে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে ৷ লগে লগে নাবালিকাগৰাকীক পিতৃ মাতৃৰ হাতত চমজাই দিয়ে আৰক্ষীয়ে ৷ উল্লেখ্য যে, নাবালিকাগৰাকী নাৰী দেহ ব্যৱসায়ীৰ কবলত পৰাৰ সন্দেহ কৰিছে ৰাইজে । ঘটনা সন্দৰ্ভত মোৰাঝাৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।