হোজাই,17 নৱেম্বৰ: হোজাই জিলাৰ লংকা নখুটীৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ এক নতুন তথ্য পোহৰলৈ আহিছে ৷ হোজাই জিলাৰ লংকা নখুটীত ২ লাখ টকা চুৰি হোৱাৰ নাটক কৰি আৰক্ষীৰ জালত পৰিল এজন যুৱক । জানিব পৰা মতে, শনিবাৰৰ আবেলি জালালউদ্দিন নামৰ লোকজনে চি এছ পি চেণ্টাৰৰ চবুৰ আহমেদৰ ২ লাখ টকা উঠাই উভতি অহাৰ পথত ডকাইতৰ দল এটাই লোকজনক মাৰ-ধৰ কৰাৰ লগতে চোকা অস্ত্ৰ দেখুৱাই ধনখিনি লৈ যায় বুলি লংকাৰ উদালী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল চবুৰ আহমেদে । উক্ত ঘটনা সন্দৰ্ভত উদালী আৰু লংকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত চলাই জালালউদ্দিনক জেৰা কৰাত অন্য এক ঘটনাহে পোহৰলৈ আহে ৷
প্ৰাপ্ত তথ্যনুসৰি চবুৰ আহমেদ নামৰ চিএছ পি চেণ্টাৰৰ লোকজনে ধনখিনি নিজৰ ভেৰোণীয়া গুণ্ডা বাহিনীৰ সহায়ত আত্মসাৎ কৰি শনিবজাৰৰ এখন গেলামাল দোকানত লুকুৱাই ৰাখি এখন নাটক ৰচনা কৰিছিল । পিছত লংকা আৰক্ষীৰ অনুসন্ধানত প্ৰকৃত তথ্য পোহৰলৈ অহাত আৰক্ষীয়ে জালালউদ্দিনক আটক কৰে ৷
আৰু পঢ়ক নগাঁৱৰ পুৰণিগুদামত চাঞ্চল্যকৰ ডকাইতি