ETV Bharat / state

খেলি থকা অৱস্থাত ডিঙিত ৰছী লাগি মৃত্যু কিশোৰৰ

author img

By

Published : Jun 21, 2020, 3:15 PM IST

খেলি থকা অৱস্থাত ডিঙিত ৰছী লাগি দেওবাৰে দিনৰ প্ৰায় 11 বজাত লামডিং নখুটিৰ চাৰ্তেগাঁৱৰ এজন 10 বছৰীয়া কিশোৰে মৃত্যুক সাৱটি লয় ৷

মৃত্যু ১০ বছৰীয়া কিশোৰ
মৃত্যু ১০ বছৰীয়া কিশোৰ

হোজাই, 21 জুনঃ লামডিং নখুটিত ভয়ংকৰ অঘটন ৷ খেলি থকা থকা অৱস্থাতে এগৰাকী 10 বছৰীয়া কিশোৰে ধেমালিতে নিজত ডিঙিত ৰছী বান্ধি লয় ৷ ৰছী বন্ধাৰ কিছু সময়ৰ পিচতে মৃত্যুক সাৱটি লয় কিশৰজনে ৷ দেওবাৰে দিনৰ প্ৰায় 11 বজাত সংঘটিত হয় এই ঘটনা ৷

খেলি থকা অৱস্থাত ডিঙিত ৰছী লাগি মৃত্যু 10 বছৰীয়া কিশোৰৰ

জানিব পৰা মতে, ডিঙিত ৰছী লগা অৱস্থাত কিশোৰজনৰ ককায়েকে সেই দৃশ্য প্ৰত্যক্ষ কৰিছিল ৷ ককায়েকে প্ৰত্যক্ষ কৰাৰ সময়ত কিশোৰজন জীৱিত আছিল আৰু ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হৈছিল কিশোৰজনক ৷ কিন্তু চিকিৎসালয়লৈ নিয়াৰ পিচতে কিশোৰজনক মৃত ঘোষণা কৰে চিকিৎসকে ৷ উল্লেখ্য যে, মৃত কিশোৰজন আছিল নখুটি ৩ নং চাৰ্তেগাঁৱৰ শুকুৰ আলীৰ পুত্ৰ ৰাজীৱ উদ্দিন ৷

লগতে পঢ়কঃ যোগান বিভাগৰ অভিযানত জব্ধ 80 টা চিলিণ্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.