ETV Bharat / state

এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ অভিযুক্ত সাংবাদিক-প্ৰাক্তন বি ডি অ’ - BJP Leader Committed Suicide

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Accused of Debajit Hazarika suicide : পঞ্চায়ত সভাপতি দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাত সাঙোৰ খোৱা দুই অভিযুক্ত ৰঞ্জিত বুঢ়াগোঁহাই আৰু সংবাদকৰ্মী পৰিস্মিতা ফুকনক হাজিৰ কৰোৱা হয় আদালতত ৷ আদালতে এদিনৰ বাবে প্ৰেৰণ কৰে আৰক্ষীৰ জিম্মালৈ ৷ এতিয়াও এজন সাংবাদিক আৰু RTI কৰ্মী পলাতক ৷

Accused of Debajit Hazarika suicide
এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ অভিযুক্ত সাংবাদিক-প্ৰাক্তন বি ডি অ’ (ETV Bharat Assam)

ডিব্ৰুগড়, ২১ ছেপ্টেম্বৰ : চৰাইদেউৰ বিজেপি নেতা তথা ৰজাপুখুৰী পঞ্চায়তৰ সভাপতিৰ আত্মহত্যাৰ ঘটনাই সৃষ্টি কৰিছে ৰাজ্যজুৰি চাঞ্চল্য ৷ শুকুৰবাৰে ৰজাপুখুৰী পঞ্চায়তৰ সমীপতে থকা ৰাজহুৱা প্ৰেক্ষাগৃহত চৰম সিদ্ধান্ত গ্ৰহণ কৰিছিল দেৱজিৎ হাজৰিকাই ৷

চৰাইদেউ জিলা বিজেপিৰ জ্যেষ্ঠ নেতা তথা পঞ্চায়ত সভাপতিগৰাকীৰ গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছিল ছুইচাইড নোট । য’ত উল্লেখ আছিল যে বাৰে বাৰে বাতৰি পৰিৱেশন কৰি তেওঁক মানসিক হাৰাশাস্তি কৰি অহা হৈছিল ৷ সঠিক ন্যায় বিচাৰি এই সিদ্ধান্ত লোৱা বুলি ছুইচাইড নোটত উল্লেখ কৰি গৈছিল দেৱজিৎ হাজৰিকাই ৷

ঘটনাটোৰ সন্দৰ্ভত মৃত পঞ্চায়ত সভাপতিগৰাকীৰ পত্নীয়ে কি কয় ?

দেৱজিৎ হাজৰিকাৰ পত্নীয়ে কয় যে মানুহজনক বহুদিনৰ পৰা মানসিক নিৰ্যাতন কৰি আহিছিল ৷ আৰ টি আই কৰ্মী দুলাল বৰা, সাংবাদিক ৰফিক আহমেদ, সাংবাদিক পৰীস্মিতা ফুকন আৰু অৱসৰপ্ৰাপ্ত বিডিঅ’ ৰঞ্জিত বুঢ়াগোঁহাই এই ঘটনাৰ লগত জড়িত বুলি মন্তব্য কৰিছিল দেৱজিৎ হাজৰিকাৰ পত্নীয়ে ৷

ইয়াৰ পিছতে ছুইচাইড নোটত উল্লেখ থকা ৪ গৰাকীৰ বিৰুদ্ধে মৃত পঞ্চায়ত সভাপতিগৰাকীৰ পত্নীয়ে এজাহাৰ দাখিল কৰে সোণাৰি থানাত ৷ পত্নীৰ এজাহাৰৰ ভিত্তিত শুকুৰবাৰে বিয়লি BDO ৰঞ্জিত বুঢ়াগোঁহাই আৰু সংবাদকৰ্মী পৰিস্মিতা বৈশ্য ফুকনক সোণাৰি আৰক্ষীয়ে আটক কৰা পিছতেই আজি গ্ৰেপ্তাৰ কৰে । লগতে ঘটনাত নাম সাঙোৰ খোৱা সাংবাদিক ৰফিক আহমেদ, RTI কৰ্মী দুলাল বৰা পলাতক বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

দুয়োগৰাকী অভিযুক্তক বিচাৰি ঘটনাৰ পিছৰে পৰা আৰক্ষীয়ে অভিযান চলাই থকা বুলি জানিবলৈ দিছে ৷ দুলাল বৰাক বিচাৰি শুকুৰবাৰে নিশা গুৱাহাটী আৰক্ষীৰ সহযোগত চৰাইদেউ আৰক্ষীয়ে অভিযান চলোৱা বুলি জানিব পৰা গৈছে ।

আদালতত হাজিৰ কৰোৱা হয় দুই অভিযুক্তক :

বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ সৈতে নাম সাঙোৰ খোৱাৰ ফলত গ্ৰেপ্তাৰ হোৱা দুগৰাকী অভিযুক্তক শনিবাৰে আদালতত হাজিৰ কৰোৱা হয় ৷ সাংবাদিক পৰীস্মিতা ফুকন আৰু অৱসৰপ্ৰাপ্ত বিডিঅ' ৰঞ্জিত বুঢ়াগোঁহাইক আদালতত হাজিৰ কৰোৱা হয় আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে চিকিৎসালয়লৈ লৈ যোৱা হয় ।

আদালতত সোণাৰি আৰক্ষীয়ে 3 দিনৰ বাবে দুয়োকে জিম্মাত বিচাৰিছিল যদিও এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ দুই অভিযুক্ত ৰঞ্জিত বুঢ়াগোঁহাই আৰু সংবাদকৰ্মী পৰীস্মিতা ফুকনক প্ৰেৰণ কৰিলে আদালতে ৷ ইফালে সোণাৰি আৰক্ষীয়ে ৪ গৰাকী অভিযুক্তৰ বিৰুদ্ধে সোণাৰি থানাত 112/2024 নম্বৰত 108/308(2) BNS ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ ঘটনাত জড়িতসকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰাইদেউ জিলাৰ বিভিন্ন দল-সংগঠনৰ লোক সোণাৰি আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীক দাবী জনাইছে ।

কিয় এই ঘটনা সংঘটিত হ'ল ?

জানিব পৰা অনুসৰি মৃত ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকা চৰাইদেউ জিলা বিজেপিৰ এগৰাকী অতি সক্ৰিয় নেতা আছিল । ইতিমধ্যে পঞ্চায়তৰ কাৰ্যকাল শেষ হৈছে যদিও বিগত কেইটামান মাহৰ পৰা পঞ্চায়তৰ কিছু আঁচনিৰ কামক লৈ ৰাজ্যত এটা আগশাৰীৰ টেলিভিশ্যন চেনেল আৰু এটা প’ৰ্টেলে ধাৰাবাহিক বাতৰি কৰিছিল ৷ জিলা আয়ুক্তই তদন্ত কৰিছিল যদিও তদন্তৰ কোনোধৰণৰ ফলাফল লাভ কৰা নাছিল পঞ্চায়ত সভাপতিগৰাকীয়ে । কিন্তু ইয়াৰ পিছতো বাতৰি সম্প্ৰচাৰিত কৰি মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ আনকি গুৱাহাটীৰ RTI কৰ্মী দুলাল বৰাই পঞ্চায়ত সভাপতিগৰাকীৰ বহুকেইটা কামত RTI কৰিছিল । আনকি RTIৰ উত্তৰ বিচাৰি ৰাজ্যপাললৈ পত্ৰও প্ৰেৰণ কৰিছিল ৷ ইফালে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে বাতৰি প্ৰচাৰ হোৱা ধৰণেৰে কোনো দুৰ্নীতি হোৱা নাই বুলি কালি উল্লেখ কৰিছিল ।

লগতে পঢ়ক : বিপদত নিউজ পৰ্টেলৰ স্বতাধিকাৰী দুলাল বৰা ! সোমবাৰে হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত

সাংবাদিকসহ প্ৰাক্তন খণ্ড উন্নয়ন বিষয়াক আটক, ছুইচাইড নোটত আৰু কাৰ কাৰ নাম ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.