ETV Bharat / state

বিপদত নিউজ পৰ্টেলৰ স্বত্বাধিকাৰী দুলাল বৰা ! সোমবাৰে হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত - RTI activist Dulal Bora - RTI ACTIVIST DULAL BORA

Summon to Dulal Bora : আৰ টি আই কৰ্মী তথা নিউজ পৰ্টেলৰ স্বত্বাধিকাৰী দুলাল বৰাক তলব কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৷ বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথৰ টকা নিজৰ নিউজ পৰ্টেলত বিনিয়োগ কৰাৰ অভিযোগ ৷

Summon to Dulal Bora
বিপদত নিউজ পৰ্টেলৰ স্বতাধিকাৰী দুলাল বৰা ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 21, 2024, 5:52 PM IST

Updated : Sep 21, 2024, 11:01 PM IST

গুৱাহাটী, ২১ ছেপ্টেম্বৰ : সোণাৰিৰ এগৰাকী বিজেপি নেতাৰ আত্মহত্যাৰ পিছতে বিপদত পৰিছে এগৰাকী আৰ টি আই কৰ্মী ৷ দুলাল বৰা নামৰ আৰ টি আই কৰ্মীগৰাকীক তলব কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৷ সোমবাৰে (23 ছেপ্টেম্বৰ) মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে দুলাল বৰাক ৷

উল্লেখ্য যে আৰ টি আই কৰ্মী দুলাল বৰাৰ আছে এটা নিউজ পৰ্টেল ৷ উক্ত ডিজিটেল নিউজৰ কাৰ্যালয়ত বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথে শকত অংকৰ ধন বিনিয়োগ কৰাৰ তথ্য লাভ কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৷ তাৰ পিছতে শুকুৰবাৰে নিশা দুলাল বৰাক বিচাৰি গুৱাহাটীত তদাৰকী কোষে অভিযান চলাইছিল ৷ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ সূত্ৰ অনুসৰি বিতৰ্কিত আৰ টি আই কৰ্মীগৰাকীয়ে আত্মগোপন কৰি আছে ৷

উল্লেখ্য যে আয় বৰ্হিভূত সম্পত্তিৰ অভিযোগত ৮/২৪ নম্বৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গোচৰ ৰুজু কৰিছিল ডাঃ মৃদুপৱন নাথৰ বিৰুদ্ধে । ইতিমধ্যে মঙলদৈৰ JNSM হাস্পতালৰ আন এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি চিকিৎসক মৃদুপৱন নাথক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাও হৈছে ৷

ইফালে বৃহস্পতিবাৰে নিশা চৰাইদেউ জিলাৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাৰ লগতো নাম সাঙোৰ খাই পৰিছে আৰ টি আই কৰ্মী দুলাল বৰাৰ ৷ গুৱাহাটীৰ আৰ টি আই কর্মী তথা নিউজ পৰ্টেলৰ স্বত্বাধিকাৰী দুলাল বৰাই দেৱজিৎ হাজৰিকাৰ ৰজাপুখুৰী পঞ্চায়তৰ এখন বিশেষ চৰকাৰী আঁচনি সন্দৰ্ভত আৰ টি আই আবেদন কৰিছিল ৷ দুলাল বৰাই চৰাইদেউ জিলাৰ ৰজাপুখুৰী পঞ্চায়তৰ ৩ নং ৱাৰ্ডত দেৱীটুকুৰা মন্দিৰ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগত কৰিছিল আৰ টি আই আবেদন ৷ দুলাল বৰাক বিভাগীয়ভাৱে উত্তৰ দিয়াৰ পিছতো দেৱজিৎ হাজৰিকাক বিভিন্ন ধৰণেৰে হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ এই সন্দৰ্ভত নিউজ পৰ্টেলটোৰ স্থানীয় সাংবাদিককো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়ক : সাংবাদিকসহ প্ৰাক্তন খণ্ড উন্নয়ন বিষয়াক আটক, ছুইচাইড নোটত আৰু কাৰ কাৰ নাম ?

কি কাৰণে আত্মহত্যা কৰিলে পঞ্চায়ত সভাপতিয়ে ?

Last Updated : Sep 21, 2024, 11:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.