ETV Bharat / state

প্ৰচণ্ড গৰমকো নেওচি কঠোৰ জীৱন সংগ্ৰাম - HEAT WAVE IN ASSAM

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Heat wave in Assam : প্ৰচণ্ড উত্তাপত হাহাকাৰ ৰাজ্যবাসীৰ । গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সকলোৱে বিভিন্ন পন্থা গ্ৰহণ কৰিছে । এনেহেন প্ৰচণ্ড গৰমকো আওকাণ কৰি একাংশই চলাই গৈছে কঠোৰ জীৱন সংগ্ৰাম । তেওঁলোক হ'ল কমাৰ, ঠেলা চালক, ৰিক্সা চালক আদি । তেনে একাংশ কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী লোকক লৈ এক বিশেষ প্ৰতিবেদন ।

Some people's struggle for life is a wave of intense heat wave in Lakhimpur
প্ৰচণ্ড গৰমকো নেওচি কঠোৰ জীৱন সংগ্ৰাম (ETV Bharat Assam)

লখিমপুৰ,২১ ছেপ্টেম্বৰ: প্ৰচণ্ড উত্তাপে দহিছে সমগ্র ৰাজ্য । জলবায়ু পৰিবর্তনৰ অভাবনীয় পৰিস্থিতি । নিতৌ বৃদ্ধি পাইছে পাৰাস্তম্ভ । দেহা দেই পুৰি নিয়া প্ৰচণ্ড গৰম। প্ৰখৰ ৰ'দত হাহাকাৰ অৱস্থা । বতৰ বিজ্ঞান কেন্দ্রৰ তথ্য অনুসৰি অহা কেইবাদিনলৈকে অব্যাহত থাকিব এনে পৰিৱেশ । শীত-তাপ নিয়ন্ত্রিত যন্ত্রৰ পৰা গছৰ ছাঁ লৈকে আশ্ৰয় লৈ গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিছে ৰাইজে । শীতল পানীয়ৰ পৰা ডাবৰ পানী, নেমুৰ পানী, কুহিয়াৰৰ ৰস পান কৰি তৃষ্ণা নিবাৰণৰ প্ৰয়াস কৰিছে সকলোৱে ।

পিছে এনে প্ৰচণ্ড গৰমেও বিচলিত কৰিব পৰা নাই একাংশ লোকক । পেটৰ ভাতমুঠিৰ বাবে, পৰিয়ালক এমুঠি অন্ন যোগাৰ দিয়াৰ বাবে তেওঁলেকে চলাবলগীয়া হৈছে কঠোৰ জীৱন সংগ্ৰাম । যি সময়ত সকলোৱে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন পন্থা অবলম্বন কৰিছে সেই সময়ত এইসকল কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী লোকে বুকুত একুৰা দগমগীয়া জুইক সাবটি কাম কৰি গৈছে । মূৰৰ ওপৰত জ্বলন্ত সূৰ্যটোক লৈ ওলাই গৈছে ঠেলাখন বা ৰিক্সাখন লৈ ।

পেটৰ দাবীত, পৰিয়ালক এমুঠি অন্ন যোগাৰ দিয়াৰ নামত তেওঁলোকে দেহা দেই পুৰি নিয়া গৰমত ঠেলা চলাইছে, ৰিক্সা চলাইছে । দগমগীয়া জুইক সাবটি লৈ লোত হাতুৰী মাৰিছে । পেটৰ দায়ত তেওঁলোকৰ বাবে গৰম এতিয়া গৌণ হৈ পৰিছে । প্ৰচণ্ড গৰমক নেওচি কঠোৰ জীৱন সংগ্ৰাম কৰা এই লোকসকলৰ একাংশ হ'ল কমাৰ, ৰিক্সাৱলা, ঠেলাৱলা ।

সংসাৰ যুঁজত তেওঁলোকে মূৰৰ ওপৰত খাও খাও কৰা বেলিটো লৈ পকী ৰাস্তাত ঠেলা চলায় । ঠেলাত বোজাই বান্ধি বৰ্ধিত গৰমৰক সহ্য কৰি আগুৱাই যায় । ৰিক্সাৰ পেডেল নামাৰিলে তেওঁলোকৰ সংসাৰ নচলে । কাষৰ জুইকুৰাত লো ৰঙা কৰি গঢ়ি পিটি সঁজুলি গঢ় নিদিলে পৰিয়াল নচলে ।

পিতৃৰ পদাংক অনুকৰণ কৰি কমাৰশালত ব্ৰতী বিমল দে'ই কলে,"গৰম বুলি হেলা কৰিলে পৰিয়াল নচলে । কেৱল নিজৰে নহয় । মোৰ কমাৰশালত নিয়োজিত লোকসকলৰ পৰিয়ালৰ চৰুৰ তলতো জুই নজ্বলিব ।" ৰিক্সাচালক হৰি দাসে কয়,"গৰমত ৰিক্সা চলাই একো খাবলৈ মন নাযায় । কেৱল পানী খোৱা হয় ।" পানী খায়েই ৰিক্সা চলাই তিনিজনীয়া পৰিয়াল চলাইছে তেওঁ । এই প্ৰচণ্ড গৰমতো ৰিক্সা নচলালে লঘোণে থাকিব লাগিব তেওঁৰ পৰিয়ালটো ।

শুদা ভৰিৰে ঠেলাত বোজা লৈ মূৰৰ ওপৰৰ সূৰ্যৰ প্ৰচণ্ড উত্তাপক গণ্য নকৰি হেঁচি হেঁচি ঠেলাখন আগুৱাই নিয়ে চালক বিভীষণ মণ্ডলে । গোটেই দিনটো এনে কঠোৰ শ্ৰম কৰি তেওঁ উপাৰ্জন কৰে দুই বা তিনিশ টকা । তাৰেই চলাই তেওঁ তিনিজনীয়া পৰিয়ালটো । পিছে অসহনীয় হৈ পৰিছে গৰমৰ প্ৰকোপ । অহা বছৰৰ পৰা তেওঁ আৰু ঠেলা নচলোৱাৰ সিদ্ধান্ত লৈছে ।

দিনে দিনে বাঢ়ি অহা এনে গৰমত ঠেলা চলালে মৃত্যু হ'ব বুলি তেওঁ আশংকা ব্যক্ত কৰে । পিছে বিভীষণ মণ্ডলে এৰিলেও আন বহুজনে ঠেলিব লাগিব ঠেলা, চলাব লাগিব ৰিক্সা । জুইকুৰা বুকুত সাবটি লৈ লো পিটি পিটি গঢ়ি তুলিব লাগিব সঁজুলি । কাৰণ এয়াই জীৱন, কঠোৰ জীৱন সংগ্ৰামৰ এয়াই মাদকতা ।

লগতে পঢ়ক: ৰাজ্যত বৰষুণৰ নাই উম-ঘাম; ২৪ ঘন্টাত সর্বোচ্চ তাপমান বৃদ্ধিৰ সতৰ্কবাণী বতৰ বিজ্ঞান‌ কেন্দ্ৰৰ - Weather Forecast Of Assam

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি - Oppressive heat waves

আগন্তুক পাঁচ দিন উৎকট গৰমে দহিব ৰাজ্যবাসীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.