হোজাই, 31 জুলাই: হোজাই জিলাৰ ডবকাৰ 8 নং ৱাৰ্ডত শুকুৰবাৰে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ,চাইল্ড লাইন আৰু ডবকা আৰক্ষীয়ে উদ্ধাৰ কৰে এটি কণমানিক ৷ জানিব পৰা মতে, 4 বছৰীয়া এটি কণমানি কন্যা সন্তানক দীৰ্ঘদিন ধৰি অত্যাচাৰ কৰি আহিছিল সতীয়া পিতৃয়ে ৷ যাৰ ফলত গুৰুতৰভাৱে আহত হয় কণমানি শিশুটি ৷
এই বিষয়ে অৱগত হোৱাৰ পাচতে ততাতৈয়াকৈ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰণিতা মৰাঙৰ নিৰ্দেশমৰ্মে পেনেল অধিবক্তা ৰোহিনা ৱাৰিচ, দিপক দেৱনাথ, চাইল্ড লাইন আৰু ডবকা আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাস্থলীত উপস্থিত হয় ৷ সমগ্ৰ ঘটনা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে পেনেল অধিবক্তা ৰোহিনা ৱাৰিচে ৷ তেওঁ জানিবলৈ দিয়া মতে, সতীয়া পিতৃয়ে ভাত খাবলৈ নিদিয়ে 4 বছৰীয়া কণমানিটোক ৷ ভোকত কণমানিটোৱে চুবুৰীয়াৰ ঘৰত খাবলৈ গ'লেও অকথ্য নিৰ্যাতন কৰে সতীয়া পিতৃজনে ৷ ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সতীয়া পিতৃয়ে শিশুটিক কৰা নিৰ্যাতনৰ ভিডিঅ' ৷ লগতে অভিযুক্ত লোকজনে নিজ পত্নীকো অমানৱীয় অত্যাচাৰ চলায় বুলি জানিবলৈ দিয়ে অধিবক্তা গৰাকীয়ে ৷ অভিযুক্ত পিতৃৰ বিৰুদ্ধে ডবকা থানাত গোচৰ ৰুজু কৰিছে জিলা শিশু সুৰক্ষা বিষয়া শতাব্দী গোস্বামীয়ে ৷ সম্প্ৰতি ডবকা আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত পিতৃ ছাইফুদ্দিন ৷ উল্লেখ্য যে, পূৰ্বেতেও তিনি গৰাকী পত্নী আছিল অভিযুক্ত ছাইফুদ্দিনৰ ৷
লগতে পঢ়ক: বোৱাৰী হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত মুকালমুৱা