ETV Bharat / state

হাফলঙৰ পৰা ৰেলপথেৰে খোজকাঢ়ি লংকাত উপস্থিত পশ্চিমবংগ অভিমুখী 11 শ্ৰমিক

লক ডাউনৰ সময়ত হাফলঙৰ কেম্পত খোৱা-বোৱাৰ অসুবিধা আৰু ঠিকাদাৰে শ্ৰমিক কেইজনক কোনো সহায় সহযোগ নকৰি নিজে মবাইল বন্ধ কৰি আত্মগোপন কৰে ৷ যাৰ পাছতেই শ্ৰমিক কেইজনে নিজ গৃহ চহৰ মালদা অভিমুখে ৰাওনা হৈ উপস্থিত হয় লংকা থানাত ।

11 Labourers walk miles from haflong to reach home amid lockdown
হাফলঙৰ পৰা ৰেলপথেৰে খোজকাঢ়ি লংকাত উপস্থিত পশ্চিমবংগ অভিমুখী 11 শ্ৰমিক
author img

By

Published : Apr 28, 2020, 8:28 PM IST

হোজাই, 28 এপ্ৰিল : চলি থকা লক ডাউনৰ বাবে হাফলঙৰ পৰা ৰেলপথেৰে খোজকাঢ়ি মঙলবাৰে হোজাই জিলাৰ লংকা আৰক্ষী থানাত উপস্থিত হয় এঘাৰ জন শ্ৰমিক । এজন ঠিকাদাৰে পশ্চিমবংগৰ মালদাৰ পৰা শ্ৰমিক কেইজনক কাম কৰিবলৈ আনিছিল হাফলঙলৈ । লক ডাউনৰ সময়ত হাফলঙৰ কেম্পত খোৱা-বোৱাৰ অসুবিধা আৰু ঠিকাদাৰে শ্ৰমিক কেইজনক কোনো সহায় সহযোগ নকৰি নিজে মবাইল বন্ধ কৰি আত্মগোপন কৰে ৷ যাৰ পাছতেই শ্ৰমিক কেইজনে নিজ গৃহ চহৰ মালদা অভিমুখে ৰাওনা হৈ উপস্থিত হয় লংকা থানাত। ২৪ এপ্ৰিল তাৰিখৰ পৰা ৰেল পথেৰে খোজকাঢ়ি অহা শ্ৰমিক কেইজন ভোকে-পিয়াহে ভাগৰুৱা হৈ সহায়ৰ বাবে নিজে কাষ চাপে আৰক্ষীৰ । আৰক্ষীক তেওঁলোকে স্ব-গৃহলৈ উভতি যোৱাত সহায়ৰ আহ্বান জনায় ৷

হাফলঙৰ পৰা ৰেলপথেৰে খোজকাঢ়ি লংকাত উপস্থিত পশ্চিমবংগ অভিমুখী 11 শ্ৰমিক

ইতিমধ্যে লংকা আৰক্ষীয়ে লোক কেইজনৰ স্বাস্থ্য পৰীক্ষা কৰোৱাই থানা চৌহদতে ৰখাই থয় ৷

লগতে পঢ়ক : তলা ভাঙি জুৰীয়া আৰক্ষীয়ে উদ্ধাৰ কৰিলে ১০ লাখ টকাৰ ৰড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.