হাইলাকান্দি, ২৮ মাৰ্চঃআগন্তুক লোকসভা নিৰ্বাচনত ভোটবৰ্জনৰ সিদ্ধান্ত হাইলাকান্দিৰ ৰাজ্যেশ্বৰপুৰ গাঁৱৰ ৰাইজৰ । প্ৰতিবছৰে জন প্ৰতিনিধি সকলে ভোট বিচাৰি হাইলাকান্দিৰ ৰাজ্যেশ্বৰপুৰ গাঁৱৰ মূল পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও আজিকুপতি নিৰ্মাণ নহ'ল পথটো । বিধস্ত পথৰেই যাতায়ত কৰিব লগাত পৰিছে স্থানীয় গঞাই ।
হাইলাকান্দিত ভোট বৰ্জনৰ সিদ্ধান্ত ৰাইজৰ - ETV BHARAT
১৫০০ ভোটাৰ কাৰ্ড জমা দিব উপায়ুক্তৰ হাতত
হাইলাকান্দিত ভোট বৰ্জনৰ সিদ্ধান্ত
হাইলাকান্দি, ২৮ মাৰ্চঃআগন্তুক লোকসভা নিৰ্বাচনত ভোটবৰ্জনৰ সিদ্ধান্ত হাইলাকান্দিৰ ৰাজ্যেশ্বৰপুৰ গাঁৱৰ ৰাইজৰ । প্ৰতিবছৰে জন প্ৰতিনিধি সকলে ভোট বিচাৰি হাইলাকান্দিৰ ৰাজ্যেশ্বৰপুৰ গাঁৱৰ মূল পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও আজিকুপতি নিৰ্মাণ নহ'ল পথটো । বিধস্ত পথৰেই যাতায়ত কৰিব লগাত পৰিছে স্থানীয় গঞাই ।
SLUG :: হাইলাকান্দিত ভোট বৰ্জনৰ সিদ্ধান্ত।
O/C :: প্ৰতিবছৰ ৰাজনৈতিক নেতা পাতিনেতা সকলে নিৰ্বাচনত জয়ী হোৱাৰ পিছত এটা পথ নিৰ্মান কৰাৰ প্ৰতিশ্ৰুতি দি আহিলেও আজিলৈকে নিৰ্মান নহল পথটো। অবশেষত অহা নিৰ্বাচনত লোকসভা ভোট বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে গঞায়।
V/O :: বিগত ৫ বছৰে কৰা উন্নয়ন মূলক কামৰ ভিত্তিত আকৌ কৰিমগঞ্জ আসনৰ পৰা AIUDF প্ৰাৰ্থী ৰূপে লোকসভা নিৰ্বাচনত অবতীৰ্ণ হৈছে সাংসদ ৰাধেশ্যাম বিশ্বাস। কিন্তু যোৱা ৫ বছৰে ৰাইজৰ কিমান উন্নয়ন কৰিলে সাংসদ ৰাধেশ্যামে? ৰাধেশ্যামৰ উন্নয়নৰ বাবে ভোট বৰ্জনৰ সিদ্ধান্ত লব লগিয়া হৈছে হাইলাকান্দিৰ গঞায়। এয়া হাইলাকান্দি জিলাৰ ৰাজ্যেশ্বৰপুৰ গাওঁৰ দৃশ্য। আৰু এইটো গাওঁৰ প্ৰধান পথ। পথ নে পথাৰ ধৰিব নোৱাৰা এই পথেৰে প্ৰতিদিন যাতায়াত কৰে হাজাৰ হাজাৰ ৰাইজ। স্বাধীনতাৰ পিছৰ পৰা প্ৰতিখন নিৰ্বাচনৰ আগত ৰাজনৈতিক নেতা পাতিনেতা সকলে পথটো নিৰ্মান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি সাধাৰণ গঞাৰ ভোট লাভ কৰি আহিছে। যোৱা লোকসভা নিৰ্বাচবৰ আগত সাংসদ ৰাধেশ্যাম বিশ্বাসেও দিছিল এনেই প্ৰতিশ্ৰুতি। কিন্তু সকলো পুনৰ মিথ্যা প্ৰমানিত হল। আজিলৈকে নিৰ্মান নহল গাওঁৰ পথ। অবশেষত অহা লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে গাওঁৰ ৰাইজে। আজি গাওঁৰ সকলো ৰাইজ একত্ৰিত হৈ এই সিদ্ধান্তৰ কথা ঘোষনা কৰি অতি সোনকালে গাওঁৰ ১৫০০ ভোটাৰৰ আইকাৰ্ড জিলা উপায়ুক্তৰ কাষত জমা দি দিব বুলিও জনায়। লগতে সাংসদ ৰাধেশ্বাম বিশ্বাস আৰু জিলাৰ তিনি গৰাকী বিধায়কক ব্যৰ্থ আখ্যা দি ৰাজ্যেশ্বৰপুৰ গাওঁত তেওঁলোকক প্ৰবেশ কৰিব নিদিব বুলিও হুংকাৰ দিয়ে।
byte :: local
######