ETV Bharat / state

যৌতুকজনিত কাৰণত মৃত্য়ুক সাৱটিলে নৱ পৰিণীতাই

author img

By

Published : Jul 10, 2020, 12:42 PM IST

যৌতুকজনিত কাৰণত হাইলাকান্দিত মৃত্যুক সাৱটি লৈছে এগৰাকী বোৱাৰীয়ে ৷ বোৱাৰীগৰাকীৰ পিতৃ পৰিয়ালে এয়া এক পৰিকল্পিত হত্যা বুলি স্বামী পৰিয়ালৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ৷ জিলাখনৰ লালা থানাৰ অন্তৰ্গত ৰাজেশ্বৰপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা ।

Suspected murder of wife at hailakandi assam etv bharat crime news
এছ কে ৰায় অসামৰিক চিকিৎসালয়

হাইলাকান্দি,10 জুলাই: ৰাজ্যত পুনৰ সংঘটিত হৈছে বোৱাৰী হত্য়াৰ ঘটনা ৷ হাইলাকান্দিত যৌতুকজনিত কাৰণৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে এগৰাকী বোৱাৰীয়ে ৷ ঘটনাটো সংঘটিত হৈছে জিলাখনৰ লালা থানাৰ অন্তৰ্গত ৰাজেশ্বৰপুৰ গাঁৱত ৷ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে আফচা বেগম বড়ভূঞা নামৰ বোৱাৰীগৰাকীৰ মৃতদেহ ।

যৌতুকজনিত কাৰণত মৃত্য়ুক সাৱটিলে নৱ পৰিণীতাই

ইপিনে,আফচাৰ পিতৃ পৰিয়ালে অভিযোগ উত্থাপন কৰা অনুসৰি মহিলাগৰাকীৰ স্বামী কালাম উদ্দিন বড়ভূঞাই পত্নীক হত্যা কৰি সমগ্ৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি এছ কে ৰায় অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ লগতে মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ অভিযোগ অনুসৰি আৰক্ষীয়ে ঘটনাৰ জড়িতৰ সন্দেহত কালাম উদ্দিনক আটক কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে ৷ মৃত আফচাই বিগত ছমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল ৷

লগতে চাওকঃ অৰুণাচল প্ৰদেশত ভূমিস্খলনত জীৱন্তে সমাধিস্থ এটা পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.