হাইলাকান্দি, 31 জানুৱাৰী : বৃহস্পতিবাৰৰ নিশা হাইলাকান্দিৰ লক্ষীশহৰস্থিত ষ্টেট বেংক অফ ইণ্ডিয়াৰ এ টি এমত দুৰ্বৃত্তই চলালে লোটপাত ৷ জিলা সদৰ থানাৰ পৰা প্ৰায় ৩০০ মিটাৰত দূৰত্বত থকা এ টি এম টোৰ পৰা লুটি লৈ যায় নগত প্ৰায় ২৫ লাখৰো অধিক ধন । শুকুৰবাৰে পুৱা হাইলাকান্দি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ বৰ্তমানলৈকে দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ হাইলাকান্দি আৰক্ষী আৰু বেংকৰ লোকো এ টি এম ডকাইতি ঘটনাৰ লগত জড়িত আছে বুলি অভিযোগ স্থানীয় লোকৰ ।
আৰু পঢ়ক : হাইলাকান্দি আৰক্ষীৰ সফলতা, অপহৃত ছাত্ৰসহ গ্ৰেপ্তাৰ অপহৰণকাৰী