ETV Bharat / state

আলগাপু্ৰত প্ৰতিবাদঃ বিধায়কৰ ঘনিষ্ঠ ঠিকাদাৰক ৰক্ষণাবেক্ষণ আৰক্ষীৰ ! - অসম নিউজ

বিগত 25 জুনত দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ জহিৰুল ইছলাম মজুমদাৰৰ নিম্নমানৰ বাবে স্থানীয় ৰাইজ আৰু ঠিকাদাৰ পক্ষৰ মাজত চৰম সংঘাটৰ সৃষ্টি হৈছিল ৷

হাইলাকান্দিত ঠিকাদাৰ আৰু বিধায়কৰ বিৰুদ্ধ প্ৰতিবাদ
author img

By

Published : Jul 1, 2019, 6:35 PM IST

হাইলাকান্দি, 2 জুলাইঃ দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ আৰু আলগাপু্ৰ বিধায়ক নিজাম উদ্দীন চৌধুৰীৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ । পথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ বাবেই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷ উল্লেখ্য যে, বিগত 25 জুনত দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ জহিৰুল ইছলাম মজুমদাৰৰ নিম্নমানৰ কামকাজ দেখি স্থানীয় ৰাইজ আৰু ঠিকাদাৰ পক্ষৰ মাজত চৰম সংঘাটৰ সৃষ্টি হয় ৷ সংঘাটত দা লাঠীৰ প্ৰহাৰত আহত হৈছিল 15 জনকৈ গাঁওবাসী ৷ সংঘাটৰ পাচত ঠিকাদাৰ জাহিৰুল ইছলাম মজুমদাৰৰ বিৰুদ্ধে আলগাপু্ৰৰ থানাত এজাহাৰ দাখিল কৰে গাঁওবাসীয়ে ৷ কিন্তু এজাহাৰ দাখিলৰ সম্পূৰ্ণ 5 দিন অতিক্ৰম কৰাৰ পাচতো কোনো পদক্ষেপ লোৱা নাই আলগাপু্ৰ আৰক্ষী বাহিনীয়ে ৷ যাৰ বাবে গাঁওবাসীৰ অভিযোগ ঠিকাদাৰ জাহিৰুল ইছলাম আলগাপু্ৰ বিধায়ক নিজাম উদ্দীন চৌধুৰীৰ ঘনিষ্ঠ হোৱা বাবেই আৰক্ষীক মেনেজ কৰি চলি আহিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে স্থানীয় ৰাইজে আলগাপু্ৰ থানা ঘেৰাও কৰি বিধায়কৰ দুৰ্নীতি আৰু দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদত আলগাপু্ৰ আৰক্ষী বাহিনীক শীঘ্ৰে কোনো পদক্ষেপ ন'ললে আলগাপু্ৰৰ 154 ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি আন্দলোন কৰিব বুলি সদৰী কৰে ৷

Intro:Slug : দুৰ্নীতি গ্ৰস্ত ঠিকাদাৰ আৰু অলগাপুৰ বিধায়ক *নিজাম উদ্দীন চৌধুৰীৰ গুণ্ডা বাহিনীৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ।

Body:O/C:- এইবাৰ আলগাপুৰ বিধায়ক নিজাম উদ্দীন চৌধুৰী ৰ বিৰুদ্ধে তেওঁৰ সমষ্টিৰ ৰাইজৰ প্ৰতিবাদ । অভিযোগ যে বিধায়ক এ মেনেজ কৰি চলিছে আৰক্ষী বাহিনীক । অলগাপুৰ আৰক্ষী বাহিনীৰ ওপৰত ক্ষুব্ধ স্থানীয় ৰাইজ ।

Conclusion:V/O:-হাইলাকান্দি জিলাৰ চণ্ডীপূৰ গাঁওৰ এখন সড়ক নিৰ্মান কেন্দ্ৰ কৰি যোৱা মাহৰ 25 তাৰিখত সংঘটিত হৈছিল এক উত্তপ্ত পৰিস্থিতিৰ। দুৰ্নীতি গ্ৰস্ত ঠিকাদাৰ জহিৰুল ইছলাম মজুমদাৰ নিম্নমানৰ কামকাজ দেখি স্থানীয় ৰাইজ আৰু ঠিকাদাৰ পক্ষৰ মাজত হৈছিল চৰম সংঘাত।দা আৰু লাঠী ৰ প্ৰহাৰত আহত হৈছিল 15 গৰাখি নিৰীহ গাঁও বাসী । ঘটবাৰ পিছত ঠিকাদাৰ জাহিৰুল ইছলাম মজুমদাৰৰ বিৰুদ্ধে আলগাপুৰ থানাত দাখিল কৰা হৈছে এখন এজাহাৰ। কিন্তু 5 দিন অতিক্ৰম কৰাৰ পিছত ও কোনো পদক্ষেপ নললে অালগাপুৰ আৰক্ষী বাহিনীয়ে। গ্ৰেপ্তাৰ কৰা নহল সেই ঠিকাদাৰ তথা ঠিকাদাৰ পক্ষৰ কোনো ব্যক্তিক।কাৰণ, ঠিকাদাৰ জাহিৰুল ইছলাম হৈছে অলগাপুৰৰ বিধায়ক নিজাম উদ্দীন চৌধুৰীৰ ঘনিষ্ঠ আৰু বিধায়ক নিজাম উদ্দীন এ সম্পূৰ্ণ ভাবে মেনেজ কৰি চলিছে অলগাপুৰ পুলিচ বাহিনীক এই অভিযোগ স্থানীয় ৰাইজৰ । চণ্ডী পূৰ ঘটনা কেন্দ্ৰ কৰি পুলিচ বাহিনীৰ এই নিৰব ভূমিকাৰ ফলে ক্ষুব্ধ হৈ পৰিছে স্থানীয় ভুক্ত ভুগি ৰাইজ । আজি স্থানীয় সকলে অলগাপুৰ থানা ঘেৰাও কৰি বিধায়কৰ দুৰ্নীতি আৰু গুণ্ডা ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনায় । আৰু অলগাপুৰ পুলিচ বাহিনী যদি এই ক্ষেত্ৰত অতি সোনকালে কোনো পদক্ষেপ নলয় তেনেহলে স্থানীয় ৰাইজে আলগাপু্ৰৰ ‍১৫৪ নং জাতীয় সড়ক বন্ধকৰি আন্দোলন আৰু জুৰ দাৰ কৰি তুলিব বুলি সকিয়নি দিয়ে ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.