ETV Bharat / state

হাইলাকান্দিত কৰ’ণাত আক্ৰান্ত আৰক্ষী হাবিলদাৰ - Hailakandi

হাইলাকান্দি জিলাত ট্ৰেভেল হিষ্ট্ৰি নথকা দ্বিতীয়গৰাকী কৰ’ণা পজিটিভ ৷ দ্বিতীয় কৰ’ণা পজিটিভ ৰোগী গৰাকী হৈছে এজন আৰক্ষী কৰ্মী ৷

One Police Person tested Corona Positive

author img

By

Published : Jul 2, 2020, 4:43 AM IST

Updated : Jul 2, 2020, 7:16 AM IST

হাইলাকান্দি, 2 জুলাই: কৰ’ণা ভাইৰাছৰ আক্ৰমণৰ বলি হ’ল হাইলাকান্দি আৰক্ষী । বুধবাৰে হাইলাকান্দিত কৰ’ণা আক্ৰান্ত হয় এগৰাকী আৰক্ষী হাবিলদাৰ । কৰ’ণা পজিটিভ ধৰা পৰিছে হাইলাকান্দি সদৰ থানাৰ টাউন ব্ৰাঞ্চৰ হাবিলদাৰ আছমত আলী । আক্ৰান্ত হাবিলদাৰ জনক পিচত হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতালত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ।

হাইলাকান্দিত কৰ’ণাত আক্ৰান্ত আৰক্ষী হাবিলদাৰ

আনহাতে হাবিলদাৰ গৰাকীৰ সংস্পৰ্শত অহা আন 10 গৰাকী আৰক্ষী জোৱানকো কোৱাৰেণ্টাইন কৰা হৈছে । ইয়‍াৰ পিছতে সদৰ থানাৰ টাউন ব্ৰাঞ্চ ছীল কৰি দিয়াৰ লগতে গোটেই থানাখন ছেনিটাইশ্বেজন কৰে আৰক্ষীয়ে ।

ইপিনে, হাবিলদাৰ আছমত আলী হাইলাকান্দি চহৰত মাৰোয়াৰি পট্টিৰ পুৰণি বাজাৰ মছজিদৰ এটা কক্ষত ভাৰাতীয়া হিচাপে থাকি কৰ্মসম্পাদনা কৰি আছিল । যাৰ বাবে জিলা প্ৰশাসনে মছজিদ আৰু তাৰ কাষত থকা 10 টা ব্যৱসায়ীক প্ৰতিষ্ঠানো বৰ্তমানে ছীল কৰিছে ।

উল্লেখ্য যে, হাইলাকান্দি জিলাত ট্ৰেভেল হিষ্ট্ৰি নথকা এইজন দ্বিতীয় কৰ’ণা পজিটিভ, ইয়াৰ আগতেও ট্ৰেভেল হিষ্ট্ৰি নথকা এগৰাকী নাৰ্ছ কৰ’ণা পজিটিভ পোৱা গৈছিল হাইল‍াকান্দিত ।

লগতে চাওকঃ ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 33 জনলৈ বৃদ্ধি

Last Updated : Jul 2, 2020, 7:16 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.