অহা ৬ এপ্ৰিল কৰিমগঞ্জ লোকসভা সমষ্টীৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ হৈ প্ৰচাৰৰ চলাবলৈ আহিব প্ৰধানমন্ত্ৰী গৰাকী । ইতিমধ্যেই প্ৰধানমন্ত্ৰীৰ সভাৰ বাবে হাইলাকান্দিৰ লক্ষীৰবন্দ অঞ্চলত সভাৰ স্থান নিৰ্ধাৰণ কৰা হৈছে । দেওবাৰে হাইলাকান্দিত প্ৰচাৰ অভিযানৰ সময়ত এই কথা ঘোষণা কৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে । ইপিনে অহা 4 তাৰিখ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী বৰাকলৈ আহিব ৷
হাইলাকান্দি সমষ্টীত নিজ স্থিতিক লৈ আত্মবিশ্বাসী কৃপানাথ মাল্লাহ৷ ৰাহুল গান্ধী আহিলেও তেওঁৰ ভোট বেংকৰ ওপৰত কোন প্ৰভাব ন'পৰিব বুলি মন্তব্য আগবঢ়ায় বিজেপি প্ৰাৰ্থী গৰাকীয়ে ।
উল্লেখ্য যে, দেওবাৰৰ পৰা হাইলাকান্দিৰ বিভিন্ন গাওঁৰ ৰাইজৰ পদুলিলৈ গৈ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে বিজেপিয়ে ।