ETV Bharat / state

ৰাজ্যৰ পৃথক স্থানত চোৰৰ চাফাই অভিযান - হাইলাকান্দি

শনিবাৰে নিশা ৰাজ্যৰ দুই পৃথক স্থানত চোৰে চলালে চাফাই অভিযান ৷ হাইলাকান্দিৰ নৃপেন্দ্ৰ নাথ নামৰ এগৰাকী ব্যক্তিৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে লুটি লৈ যায় বহু মূল্যৱান সা-সামগ্ৰী ৷ ইফালে নলবাৰীৰো এটা ব্যক্তিগত টেলিভিছন চেনেলত কৰ্মৰত এগৰাকী সাংবাদিকৰ ঘৰত চোৰে নিশা অভিযান চলাই লৈ যায় সোণৰ গহণাকে ধৰি অন্যান্য সা-সামগ্ৰী ৷

Loot at nalbari hailakandi assam etv bharat news
চোৰৰ অভিযান
author img

By

Published : Sep 13, 2020, 12:37 PM IST

হাইলাকান্দি/নলবাৰী,13 ছেপ্তেম্বৰ: হাইলাকান্দিত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে অপৰাধমূলক কাৰ্যকলাপ ৷ বিশেষকৈ চোৰৰ আতংকই স্ত্ৰস্তমান কৰি তুলিছে চহৰবাসীক ৷ শনিবাৰে নিশা হাইলাকান্দিৰ লক্ষীচহৰ নিবাসী নৃপেন্দ্ৰ নাথ নামৰ ব্যক্তিগৰাকীৰ পৰিয়ালে এটা জন্মদিনৰ নিমন্ত্ৰণ ৰক্ষাৰ্থে গৈছিল ৷ পৰিয়ালটো বাহিৰলৈ যোৱাৰ তিনি ঘণ্টাৰ ভিতৰতে চোৰে ঘৰটোত প্ৰৱেশ কৰি লুটি লৈ যায় প্ৰায় 5 লক্ষাধিক মূল্যৰ সোণৰ গহণাৰ লগতে 40 হাজাৰ নগদ ধন ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে যদিও এই মুহুৰ্তলৈকে চোৰৰ কোনো সন্ধান লাভ কৰিব পৰা নাই ৷

হাইলাকান্দিত চোৰৰ অভিযান

ইফালে,নলবাৰীতো চলিল চোৰৰ চাফাই অভিযান ৷ জিলাখনৰ মাখিবাহাস্থিত এটা ব্যক্তিগত টেলিভিছন চেনেলত কৰ্মৰত সাংবাদিক ৰূপ কুমাৰ শৰ্মাৰ গৃহত শনিবাৰে নিশা চোৰে তাণ্ডৱ চলাই লুটি নিয়ে সোণৰ গহণা, আ-অলংকাৰকে ধৰি বিভিন্ন মূল্যৱান সামগ্ৰী ৷ শৰ্মাৰ বাসগৃহত কোনো নথকাৰ সুযোগতে চোৰে লুটি নিয়ে সমস্ত বয়-বস্তু ৷ বিগত কিছুদিনপূৰ্বে টিহুত চিলনী চোৰে উপদ্ৰৱ চলোৱাৰ পিছত শনিবাৰে নিশা সংঘটিত এই চুৰি কাৰ্যই আতংকিত কৰিছে টিহুবাসীক ৷ এই খবৰ লাভৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছে টিহু আৰক্ষী ৷

লুটি নিলে মূল্যৱান সা-সামগ্ৰী

লগতে চাওকঃ বিহাৰত পেট্ৰ’লিয়াম খাদৰ তিনিটা প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.