হাইলাকান্দি,2 ডিচেম্বৰ : হাইলাকান্দিত পথ নিৰ্মাণৰ দাবীৰে বুধবাৰে গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ বিগত প্ৰায় 5 বছৰ ধৰি বিজেপি নেতৃত্বাধীন চৰকাৰে জিলাখনৰ পথ নিৰ্মাণত কোনো গুৰুত্ব আৰোপ নকৰাত কাটলিছেড়া সমষ্টিৰ বিলাইপুৰ অঞ্চলৰ বিলাইপুৰ গড়কাপ্তানি পথৰ পৰা তেতাছড়া পথত দলং নিৰ্মাণ কৰাৰ দাবীৰে লালা উন্নয়ন খণ্ড ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তিয়ে ৷

বহু বছৰ ধৰি এই পথে স্থানীয় ৰাইজত জ্বলা-কলা খুওৱাৰ পাচত বিধায়ক সুজাম উদ্দিন লস্কৰ তথা জিলা প্ৰশাসনক আহ্বান জনাইছে যদিও কোন সুফল নোপোৱাত প্ৰশাসন তথা বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদত অসম চৰকাৰ হায় হায়, জিলা প্ৰশাসন মুৰ্দাবাদ, বিধায়ক সুজাম উদ্দিন লস্কৰ হায় হায় আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । আগন্তুক 20 দিনৰ ভিতৰত এই পথ তথা দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগিব, অন্যথা এই প্ৰতিবাদ অব্যাহত থাকিব বুলি কৃষক মুক্তিয়ে হুংকাৰ প্ৰদান কৰে ।
লগতে পঢ়ক : বাল্য বিবাহ : কলগাছিয়াত দ্বিতীয়বাৰৰ বাবে উদ্ধাৰ এগৰাকী বিবাহিতা কিশোৰী