ETV Bharat / state

হাইলাকান্দিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত জোঁৰ সমদল

author img

By

Published : Dec 12, 2019, 11:41 PM IST

বৃহস্পতিবাৰে কেব বাতিলৰ দাবীত হাইলাকান্দিৰ বিভিন্ন দল-সংগঠনে এক জোঁৰ সমদল বাহিৰ কৰে,এই প্ৰতিবাদত অংশ লয় কৃষক মুক্তি সংগ্ৰাম সমিতি,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু বৰাক গণতান্ত্ৰিক ছাত্ৰ সন্থাৰ সদস্যসকলে

এই প্ৰতিবাদত অংশ লয় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে
হাইলাকান্দিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত জোঁৰ সমদল

হাইলাকান্দি, 12 ডিচেম্বৰঃ সংসদৰ মজিয়াত বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয় যদিও ৰাজ্যত এতিয়ালৈ অন্ত পৰা নাই কেব বিৰোধী প্ৰতিবাদ ৷ বৃহস্পতিবাৰে কেব বাতিলৰ দাবীত হাইলাকান্দিৰ বিভিন্ন দল-সংগঠনে এক জোঁৰ সমদল বাহিৰ কৰে । কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু বৰাক গণতান্ত্ৰিক ছাত্ৰ সন্থাৰ সদস্যসকলে একলালা সৰ্বনন্দপুৰ অঞ্চলৰ পৰা লালাচহৰলৈকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বিচাৰিছিল যদিও আৰক্ষীয়ে মাজবাটতে বাধা প্ৰদান কৰে ৷ সমদলটোত অংশ লোৱা প্ৰতিবাদী জনতাই চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে সৰ্বনন্দপুৰৰ ৰাজপথ । স্থানীয় কৃষক নেতা জহিৰউদ্দিন লস্কৰে এই সন্দৰ্ভত কয় যে, যদিহে চৰকাৰে এই বিল বাতিল নকৰে তেনেহ’লে আগন্তুক দিনত আইন অমান্য প্ৰতিবাদ গঢ়ি তোলা হ’ব ৷ আনহাতে, হাইলাকান্দিৰ আলগাপুৰতো আছু, বাঙালী যুৱ ঐক্য মঞ্চ আৰু এ জে ৱাই চি পি-ৰ সদস্যসকলে আলগাপুৰ বজাৰৰ পৰা এক কেব বিৰোধী প্ৰতিবাদী সমদল উলিয়ায় ৷ আলগাপুৰ তিনিআলিত উপস্থিত হৈ দলটোৱে প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি কৰে ৷ প্ৰতিবাদী দলটোৱে অমিত শ্বাহ হায় হায়,নৰেন্দ্ৰ মোদী মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে ৰাষ্ট্ৰীয় ঘাইপথ ৷

লগতে চাওকঃগুৱাহাটীত আৰক্ষীৰ বৰ্বৰতাঃ বিভিন্ন স্থানত সংঘটিত গুলীচালনাৰ ঘটনা

Intro:Body:

hailakandi protest

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.