হাইলাকান্দি, 6 আগষ্টঃ হাইলাকান্দিত কৃষি ভাত্তাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে জিলাখনৰ ঘাৰমুড়া বাঘছেড়া গাঁও পঞ্চায়তৰ বিজেপিৰ নৱ নিৰ্বাচিত পঞ্চায়ত সদস্যা লক্ষ্মী চক্ৰবৰ্তীৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি, পঞ্চায়ত সদস্যা গৰাকীয়ে কৃষি ভাত্তাৰ হিতাধিকাৰী বাছনি কৰাৰ নামত গাঁৱৰ সাধাৰণ ৰাইজৰ পৰা ব্যাপক হাৰত ধন সংগ্ৰহ কৰি আহিছে আৰু ইয়াৰ দৃশ্য গোপন কেমেৰাত বন্দীও হৈছে ৷ উল্লেখযোগ্য যে, এই ভিডিঅ'ত পঞ্চায়ত সদস্যা গৰাকীয়ে " বিজেপি কংগ্ৰেছ সকলো একেই , বিজেপিয়ে মুখত দুৰ্নীতি বিৰোধী কথা কলেও ঘোচ নিদিলে কোনো কাম নহয় " বুলি মন্তব্য কৰে ৷
ইতিমধ্যে ভিডিও ৰেকৰ্ড কৰা যুৱকে ৰামনাথপুৰ আৰক্ষী চকীত পঞ্চায়ত সদস্যা গৰাকীৰ বিৰুদ্ধে গোচৰ ৰজু কৰিছে ৷